পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

ডাৱৰ চঁলি সম্পূৰ্ণ আকাশক আচ্ছন্ন কৰিলে। পৰ্ব্বতৰ পৰা নামি আহি শুনে যে তেওঁবিলাক উঠাৰ পাছত ভৈয়ামত বৰ তুফান আরু বৰষুণ হৈ গঁল। ভাৰতবৰ্ষৰ আগৰ মানুহ বিলাকে এই কথা উত্তমরূপে জানিছিল। হিমালয় পৰ্ব্বতৰ ওপৰ প্ৰদেশলৈ উঠি, ঋষি সকলে বাৰিষাৰ বৰষুণৰ আপদ সৰাকথা কালিদাসে কুমাৰ সম্ভৱত কৈ গৈছে। পৰ্ব্বতেই স্বভাৱৰ ক্ষমতা আরু মাহাত্ম্য প্ৰকাশ কৰাৰ প্ৰধান ঠাই। অনেক কবিএ পৰ্ব্বতৰ বিষয়ে লিখি গৈছে; এই ক্ষুদ্ৰ পুথীত তেনে বাহুল্য বৰ্ণনা দিবৰ নিমিত্তে ক্ষান্ত থাকিলোঁ।

 প্ৰাচীন পৃথ্বীৰ পৰ্ব্বত দণ্ডৰ উত্তৰে আরু নতুন পৃথ্বীৰ পৰ্ব্বত দণ্ডৰ পূবে অনেক ঠাইত বিস্তীৰ্ণ সম থল আছে। আশিয়াৰ সাই- বেৰীয়া, ইউৰোপৰ সমুদায় রুশিয়া আরু জৰ্ম্মানিৰ এক অংশ কাস্পীয়ান হ্ৰদৰ উত্তৰ প্ৰদেশ বিলাক সমথল। শেষোক্ত সমথলৰ নাম ষ্টিপিচ আরু সাইবেৰিয়াৰ সমথলৰ উত্তৰ ভাগৰ নাম ‘তন্দ্ৰা’। উত্তৰ আমেৰিকাৰ হডুচন উপসাগৰৰ চাৰিও কাসৰত ২০০ ৰ পৰা ৭০০ মাইললঁকে যুৰি এক দৃহৎ সমথল আছে। এলেঘেনী আরু ৰকি পৰ্ব্বতৰ মাজত ‘প্ৰেৰী’ বা ‘চাবানা’ নামে এক সমথল আছে; সি সম্পূৰ্ণে সহস্ৰ সহস্ৰ মাইল যোৰাকৈ বতা-খেৰ উলু এনেকুৱা বনেৰে ঢকা। দক্ষিণ আমেৰিকা প্ৰায় সম্পৰ্ণে সম থলৰেই।

 সাইবেৰিয়াৰ নদীৰ সম্পৰ্কে কওঁতে লিখা হৈছে যে তাৰ নৈ বিলাকৰ মুখত বৰফৰ ভেটা থকা বাবে পানী ওফন্দী গোটেই দেশক সাগৰলঁকে জলাহ আরু পিটনি কৰি থয়। •এই কাৰণেই সেই খণ্ডৰ নাম তন্দ্ৰা। যি অলপ বাম মাটি আছে, সি প্ৰায় টকলা আরু এবিধ শেলাই আরু বৰফৰ দ্বাৰা প্ৰায় বাৰেও মাহ ঢকা থাকে। ষ্টিপিচ নামে সমথলৰ স্বভাৱ ঋতু অনুসৰি লৰ হয়। বসন্ত কালত সৌজীয়া ঘাঁহেৰে অপাৰ সাগৰ হৈ থাকে। জহৰ আৰম্ভত ঘাঁহ- বিলাক ৰঁদত ডেই টকলা মাটি ওলায়। জাৰ কালি ছ-মাহ সম্পূৰ্ণে