দেখুৱাই দিওঁ তেতিয়া সেই লৰাই বুজিব পাৰিব। এতিয়া আমাৰ কাম তেনে নহয়। আমি যি কথা কম সি কোৱাতেই থাকিব; আগলৈ আনি দেখুৱাব নোৱাৰিম। ইয়াত যি লিখা হৈছে তাক ভালকৈ বুজি হয় নহয তোমালোকে নিজে পুৰুষাৰ্থ কৰি তাৰ প্ৰমাণ চাবা। প্ৰমাণ নেচাই কিতাপত কোনো এটা কথা লিখা আছে বুলি গ্ৰহণ কৰা উচিত নহয়। প্ৰমাণ চোৱাৰ পৰা বৰ উপকাৰ আছে; তুমি যি জ্ঞান কিতাপৰ পৰা পালা সেই জ্ঞান পৰীক্ষাৰ পৰা পকা হব, অৰু পৰীক্ষা কৰি চাওঁতেই পুৰণা জ্ঞানৰ বাহিৰে নতুন জ্ঞানৰ পম দেখিবলৈ পাব পাৰা; আৰু সেই পম খেদি নিলে কিবাহব এখন নতুন জ্ঞানৰ ৰাজ্যত ওলাবগৈ যি ৰাজ্যত কোনোএ কেতিয়াও প্ৰবেশ কৰা নাই। ভাত পিটিকি চালেই সিজাৰ প্ৰমাণ, খালৰ পানী নাখুটিৰে জুখিলেই প্ৰমাণ। কিন্তু ইয়াত লিখা কথা বিলাক, পতিযাবলৈ যি প্ৰমাণ চাব লাগিব সি ক্ষনতেকীয়া নহয়, এদিনে বা এমাতেও প্ৰমাণ চাব নোৱাৰি। এবছৰকি তাততকৈ অধিক কাল ব্যাপি প্ৰমাণ চালেহে কোনো এটা সিদ্ধান্ত কৰিব পাৰিবা। প্ৰথমতে, জানিবৰ নিমিত্তে হেপাহ, দ্বিতীয়ত, এই পুথী পাঠ, তৃতীয়ত লিখা কথাৰ প্ৰমাণ চোৱা এই তিনি বিষয় তোমালোকৰ পৰা হৈ উঠিলে মোৰ পৰিশ্ৰম যথেষ্টৰূপে সফল হব বুলি ভাবিছো আৰু আশাকৰোঁ সেইএ হলেই তোমালোকৰৰ মন মুকলি হব।
যি শাস্ত্ৰত পৃথিবী পৃষ্ঠৰ আকৃতি প্ৰকৃতি, আৰু সেই আকৃতি প্ৰকৃতিৰ কাৰণ দিয়া হয় আৰু যি বিলাক স্বাভাৱিক ক্ৰিয়াৰ দ্বাৰা পৃথিবীপৃষ্ঠৰ বিকাৰ ঘটিছে সেই বিলাক চলাৰ নিয়ম আৰু বিবৰণ যত পোৱা যায় আৰু হাৱা-পানী অনুসৰি উদ্ভিজ আৰু প্ৰানীৰ যি প্ৰভেদ আছে তাক যত দেখুৱা হয় সেই শাস্ত্ৰকে প্ৰাকৃত ভূগোল কয়।