পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
প্ৰাকৃত-ভূগোল।

ভাগ। সৰ্ব শেষত তাৰ পূৰ্ব্ব অংশ স্বৰূপ এশ্ৰেণী পৰ্ব্বত হিমালয়ৰ পৰা চীন দেশৰ মূৰলকে থকা অনুমান হয় কিন্তু চীন দেশৰ ৰাজ শাসন ইমন সংশয় পূৰ্ণ যে বিদেশী মানুহক সেই ঠাই বিলাকে চাবলৈ যাব নিদিএ এই নিমিত্তে তাৰ বিষয়ে ভালকৈ একো জনা নাযায়। এই দণ্ডৰ পৰা নানা শাখা প্ৰশাখা ওলাইছে। মহাদেশৰ শাখা স্বৰূপ উপদ্বীপ বিলাকৰ দিশেই সেই বিলাক পৰ্ব্বত শাখাৰ দিশ। স্পেইন-দেশৰ পৰ্ব্বত বিলাক পিৰেনিজৰ শাখা, এপিনাইনচ্‌ পৰ্ব্বত আলপচ্‌ পৰ্ব্বত শ্ৰেণীৰ শাখা। ইউৰাল পৰ্ব্বত শ্ৰেণী আল্টাইপব্বত, আৰু কৈলাস (কিউন লন্) পব্বত এই দণ্ডৰ উত্তৰ শাখা আরু চলিমান, হালাশ্ৰেণী, আৰাৱেলী, আশিয়াত থকা দক্ষিণ শাখা। সমুদায় আমেৰিকাক উত্তৰৰ পৰা দক্ষিণলকে সেই মহাদেশৰ দিশেদিশে এক পৰ্ব্বত শ্ৰেণীএ অবিচ্ছেদে আক্ৰান্ত কৰিছে। আৰু তাৰ শাখা স্বৰূপ এলেঘেনি পৰ্ব্বত আৰু ব্ৰেজীলৰ পৰ্ব্বত শ্ৰেণীএ ভূমিক কিছু পূবলৈ ঠেলি আগবঢ়াই থৈছে। আফ্ৰিকা, আৰব, ভাৰতবৰ্ষৰ দক্ষিণাত্য, আৰু অষ্ট্ৰেলিয়া এই বিলাক ঠাইৰ পৰ্ব্বত বিলাকৰ ভাৰ ওপৰত লিখা চাৰি মহাদেশৰ পৰ্ব্বত বিলাকৰ নিচিনা নহয়। ইয়াৰ পৰ্ব্বত বিলাক ভুমিৰ কাসৰ দিশে দিশে অৱস্থিতি কৰি সেই বিলাক ঠাইক প্ৰায় সম্পূৰ্ণ বেঢ়ি থৈছে।

 পৰ্ব্বত দুবিধ:—এবিধৰ ওপৰ ভাগ যদিও কুজা তথাচ বৰ ওখ- চাপৰ নহয়, তৰপা তৰপি মাটিৰে ঢকা, আৰু গছ গছনিৰে ভৰি প্ৰায় সম্পূৰ্ণ সৌজীয়া আৰু দেখিবলৈ সেই নিমিত্তে বৰ মনোৰ। দ্বিতীয় বিধৰ ওপৰ ভাগ অত্যন্ত অসমান; কোনো ঠাইত দলৰ চুড়াৰ নিচিনা জোঙ্গা; কোনো ঠাইত ঘূৰনীয়া বা কাচি-দৰী। বা ভগা বৰ মুৰৰ স্বৰূপ নানা ভঙ্গি ধৰা। এই বিধ পৰ্ব্বত খণ্ডিত বা অখণ্ড এটা বৃহৎ টকলা শিল মাত্ৰ। এই দুই বিধৰে আধা