পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
প্ৰাকৃত-ভূগোল।

এনে ভাব হয়। কিন্তু যথাৰ্থত কব লাগিলে ভাৰতবৰ্ষ, আৰব এই বিলাকৰ নিচিলা ইউৰোপো আশিয়াৰ এক উপদ্বীপ মাত্ৰ কেৰল তাৰ এটাই কিটা উপদ্বীপত কৈ ইউৰোপান উপদ্বীপটো ডাঙ্গৰ। সচৰাচৰ চলি অহা নামাৱলিক লৰাব নুখুজি, আমিও ইউৰোপক সুকীয়া মহাদেশ বুলি ধৰিলো। এই দৰে প্ৰাচীন মহাদ্বীপত তিনি মহাদেশ—আশিয়া, আফ্ৰিকা, ইউৰোপ। নতুন মহাদ্বীপত দুই— উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। এই দুই মহাদ্বীপৰ মাজৰ অষ্ট্ৰেলিয়াকো এক মহাদেশ বুলিব পাৰি। সৰ্ব্বমোট ৬ খন মহাদেশ পৃথিবীৰ ওপৰত আছে।

 অষ্ট্ৰেলিয়া সকলোতকৈ সৰু; তাৰ পৰিমাণ ৪২,০০,০০০ বৰ্গ মাইল; ইউৰোপ তাৰ ১॥ গুণ, আফ্ৰিকা ৪ গুণ; আমেৰিকা ৪১/৩ গুণ আরু আশিয়া ৪৫/৬ গুণ মান হব। পৃথিবীৰ সমুদায় সরু সরু দ্বীপৰ পৰিমাণ বা জোখ অষ্ট্ৰেলিয়াই হয়। প্ৰত্যেক মহাদেশক হ্ৰদ, নদী, পৰ্ব্বত-শ্ৰেণী, উপসাগৰ প্ৰভৃতি স্বাভাৱিক প্ৰতিবন্ধক কৰোতা বস্তু বিলাকে ভাগ ভাগ কৰি নানা দেশ কৰিছে। অনেক স্থলত ব্যবহাৰৰ নিমিত্তে প্ৰাকৃতিক দেশৰ সীমাই সীমা হয়। উপদ্বীপ বিলাক মহা দেশৰ শাখা প্ৰশাখা স্বৰূপ। প্ৰত্যেক মহাদেশত সৰহ বা তাকৰ কৈ উপদ্বীপ আছে, কিন্তু ইউৰোপত সকলোতকৈ সৰহ, আফ্ৰিকাত সকলোতকৈ তাকৰ। এই কাৰণেই ইউৰোপ সকলোতকৈ বানিজ্য আরু সভ্যতাত আগ। কাৰণ, সাগৰ ও সমুদ্ৰ বেপাৰৰ বৰ আলি; আৰু সভ্যতা বেপাৰৰ লগৰীয়া; যি ঠাইত সৰহ উপদ্বীপ থাকে তাত সাগৰ অনেক ভিতৰল'কে প্ৰবেশ কৰে বুলি প্ৰায় কোনো ভাগ সাগৰৰ পৰা বহু আঁতৰ নহয়। ইউৰপৰ উত্তৰত জট্‌লেণ্ড, মেকচিকত য়ুকাটান এই দুই উপদ্বীপৰ বাদে সকলো প্ৰধান উপদ্বীপ বিলাক মহাদেশৰ পৰা দক্ষিণলৈ ওলোৱা আৰু সেই দুইত বাজে সকলোটি পৰ্ব্বতময়; পৰ্ব্বত বিলাকে উপদ্বীপৰ দিশলৈ