পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
প্ৰাকৃত-ভূগোল।

সৰহ হয় যে কাসৰৰ মাটিএ সুহি আরু সূৰ্যই বাষ্পীভূত কৰিও বাকি থাকে, তেনে হলে সেই পানী উৎসৰ কুণ্ডৰ পৰা বাহিৰ হৈ চতুৰ্থ শ্ৰেণীৰ হ্ৰদ উৎপন্ন কৰে। কেতিয়াবা সাগৰে ঘুলি এৰি গলেও এই শ্ৰেণীৰ হ্ৰদ উৎপন্ন হোৱা আছে। ভাৰতবৰ্ষৰ চিল্কা হ্ৰদ আৰু পলিকাট হ্ৰদ ইত্যাদি সাগৰৰ দাতিৰ হ্ৰদ বিলাক সাগৰে এৰা ঘূলি মাত্ৰ। সাগৰৰ পৰানো কিরূপে ঘূলি এৰা পৰি হ্ৰদ উৎপন্ন হয় তাৰ বিশেষ বিবৰণ ৮ম অধ্যায়ত দিয়া হল।

 চতুৰ্থ শ্ৰেণীৰ হ্ৰদত যদি এখন নৈ পৰেহি নতুবা এখন নৈ বৈ আহোতে বাটত অনেক গুণে বহল আৰ আপেক্ষিক দ জল-সত্ৰৰ এখণ্ড পায়হি, তেন্তে সেই ঠাইত নৈ বিস্তাৰিত হৈ দ্বিতীয় বিধৰ হ্ৰদ উৎপন্ন কৰে। এই বিধ হ্ৰদ মিঠা, ওপৰৰ দুই বিধতকৈ বহল; আরু ডাঙ্গৰ নদী বিলাকৰ সৈতে তাহতৰ সংযোগ আছে। সুইজলেণ্ড, আৰু উত্তৰ আমেৰিকাৰ সকলো হ্ৰদ আরু আশিৰিয়াৰ বৈকাল হ্ৰদ এই বিধৰ। সকলোৰে মাজত চুপিৰীয়াৰ হ্ৰদ ডাঙ্গৰ। কাস্পীয়ান হ্ৰদ, আৰাল হ্ৰদ, মরু হ্ৰদ, পাৰস্য দেশৰ উরুমীয়া হ্ৰদ প্ৰভৃতি তৃতীয় শ্ৰেণী ভুক্ত। ইহতৰ পানী লোণীয়া। তাৰ কাৰণ স্পষ্ট আছে। এই বিলাক হ্ৰদত পৰা নৈ বিলাকে মাটি ধুই খাৰ, লোণ আনি হ্ৰদত থয়। হ্ৰদৰ পৰা বিশুদ্ধ পানী ভাপ হৈ উঠি যায়, লগত অহা সকলো লোণ খাৰ ৰৈ যায়। এই দৰে এই শ্ৰেণীৰ হ্ৰদত লোণ পৰিমাণ বাঢ়ি যাব লাগিছে। মরু হ্ৰদত পানীৰ শত কৰা ২০ ভাগ লোণ। তাত প্ৰাণী বাস কৰা সম্পূৰ্ণ অসাধ্য। এই নিমিত্তেই সেই হ্ৰদৰ নাম তেনে দিয়া হৈছে। অনুমান হয়, এসময়ত জোৰডান নদী লোহিত সাগৰত পৰিছিল কিন্তু ভূমিকম্প আদি পাৰ্থিব উৎপাতত মরু হ্ৰদৰ দক্ষিণে থকা পেট্ৰিয়া মরু ভুমি লোহিত সাপৰৰ তলৰ পৰা উঠে। তেতিয়াৰ পৰা লোহিত সাগৰে সৈতে জোৰডাম নদীৰ সম্পৰ্ক গুছিল আরু তাৰ পানী গোট খাই