আধাৰ পৰ্শ কৰা মাত্ৰ বেগেৰে উৎস হৈ তেল ওপৰলৈ উঠে; কোনো ঠাই সীতা-তেলৰ উৎস উঠি তেলতেই একবাৰে ডুব যোৱা শুনা আছে।
ভূ-ভাগত থকাৰ দৰে সাগৰৰ তলতো উৎস থকাৰ প্ৰমাণ, পোৱা যায। সাধাৰণতে এই বিলাক উৎস মিঠা পানীৰ। ভূমধ্যস্থ সাগৰৰ কাসৰত ফ্ৰাঞ্চ, ইটালী, জেনৱা আরু গ্ৰীচ্ দেশৰ দক্ষিণে এনে উৎস আছে। কোনোটো ইমান ডাঙ্গৰ দেখিলে বোধ হয় যেন ভূ গৰ্ভৰ পৰা একোখন ডাঙ্গৰ নদীহে সাগৰ ভেদ কৰি ওপৰলৈ উঠিছে।
পৃথিবীৰ যি যি স্বাভাৱিক দ ঠাই আছে তাত পানী গোট
খালেই হ্ৰদৰ উৎপত্তি হয়। যি পৰ্য্যন্ত সেই দ ঠাইত পানী গোট
খাই বাঢ়ি এটা বাট নাপায় বা ইমান বহল নহয় যে তালৈ সোমোৱা
পানীৰ জোখাৰে তাৰ পৰা ভাপ উঠি যাব পাৰে, সেই পৰ্য্যন্ত
তাত পানী গোট খাই থাকে। নদীৰ সম্বন্ধে হ্ৰদ বিলাকক চাৰি
বিধ কৰিব পাৰি:—
(১) যি হ্ৰদত কোনো নৈ নপৰে ও, যাৰ পৰা নোলায়ও।
(২) যত নৈ পৰে ও যাৰ পৰা ওলায়ও।
(৩) যত নৈ পৰে কিন্তু যাৰ পৰা নোলায়।
(৪) যত নৈ নপৰে কিন্তু যাৰ পৰা ওলায়।
প্ৰথম বিধ হ্ৰদৰ দেখিব পৰা, তালৈ অহা বা তাৰ পৰা ওলোৱা নদী নাথাকে। উৎসৰ মুখত কোনো বহল শাত থাকি বা মুমুৱা আগ্নেয় গিৰিৰ গহ্বৰ পানীৰে পুৰ থাকিও এই বিধ হ্ৰদ উৎপন্ন হয়। এই বিলাক অতি সৰু আৰু প্ৰায় লোণীয়া। ৰাজপুতনাৰ সম্ভাৰ হ্ৰদ আৰু বিৰাৰ প্ৰদেশৰ লুণাৰ হ্ৰদ এই শ্ৰেণীৰ। শেষোক্ত টোৰ গৰ্ভ আগ্নেয়গিৰিৰ গৰৰ নিচিনা; তাতেই অনুমান হয় যে এই হ্ৰদ পূৰ্ব্বে আগ্নেয়-গিৰিৰ মুখ আছিল। উৎসৰ পানী যদি ইমান