পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাকৃত-ভূগোল।

গ্ৰন্থৰ জোৰণী।

ৰাহঁত! তোমালোকে যি পৃথিবীৰ ওপৰত খোজ কাঢ়ি ফুৰা, যি আকাশৰ তলত থাকা, যি পানীত গা ধোৱা আরু যাক পী খোৱা, তাৰ বিষয়ে একো জানিবৰ মন নেযায়নে? তোমাৰ ভৰিৰ তলত ভূমিকম্প, আকাশত বিজুলি আৰু গাজনি, আরু মেঘৰ পৰা বৰষুণ কেনেকৈ হয় তাক জানিবৰ নিমিত্তে হেপাহ নাই নে? এই হেপাহ সকলোৰে থাকে। কিবাহব তোমালোকেও সরুতে মাৰ বাপেৰাৰ ওচৰত বহি এই বিলাকৰ কথা অনেক বাৰ সুধিছিলা। কিন্তু তেওঁবিলাকৰ মুখত বা কোনো কিতাপত এই বিষয়ৰ কথা আদিৰ পৰা অন্তলৈকে শুনিবলৈ বা পঢ়িবলৈ নেপাই তোমালোকৰ সেই হেপাহ গুচিব পাৰে। এতিয়া আমাৰ ইচ্ছা এই যে তোমালোকৰ সেই নুমুৱা পিয়াহ আকৌ যেন জলিব। সেই ভাবিয়েই এই সরু পুথী খনি লিখিছোঁ; তোমালোকে পঢ়ি চাবা। ইয়াক পঢ়িলে ভূমিকম্প বৰষুণ আদি সকলো নৈসৰ্গিক ঘটনাৰ কথা জানিব পাৰিবা। কিন্তু যি বিলাক কথা বুজিবলৈ তোমালোকক উচটাইছোঁ সেই এটাই বিলাক কথা সহজে পতিওৱা টান; কিয়নো যাৰ কথা কম সেই বিলাক বস্তু তোমালোকৰ আগলৈ আনি দেখুৱাব নোৱাৰিম। যদি কওঁ পানী-নহরুৰ চাল তৰপে তৰপে গুচাই থাকা মানে ওলাই থাকে; পানী-নহরু নেদেখা লৰাই এই কথা বুজিবলৈ টান পাব; কিন্তু যদি পানী-নহরু এটা আনি