পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
প্ৰাকৃত-ভূগোল।

কৰি তাক সীতা-কুণ্ড বলে। আইচলেণ্ডত গোটাদিয়েক গাইচৰ নামে উষ্ণ উৎস আছে সিহঁতৰ উৎক্ষেপণ অতি আশ্চৰ্য্য। মান্যবৰ শ্ৰীযুক্ত বাবু ৰাজেন্দ্ৰলাল মিত্ৰে, তেওঁৰ প্ৰাকৃত ভূগোলত উদ্ধৃত কৰা, তত্ত্ব বোধিনী পত্ৰীকাত দিয়া মহা গাইচৰৰ বিৰৰণ আমিও পাঠকৰ উপকাৰাৰ্থে অসমীয়াত ভাঙ্গি তলত দিলো।

 “তাত মাটি বেঢ়ি থোৱা এটা ডাঙ্গৰ কুণ্ড আছে; যেতিয়া স্থিৰ থাকে তাৰ পানী অত্যন্ত তপত, আৰ্চিৰ নিচিনা নিম্মল, তাৰ পৰা সদাই ভাপ উঠি থাকে আৰু অলপ অলপ ফুট উঠে। কুণ্ডৰ মেৰ কমকৈও ১০০ হাত হব কিন্তু তাৰ পানী বৰ দ নহয় পূৰ থাকিলে ৩ হাততকৈ সৰহ পানী নাথাকে। সোঁ মাজতে কমকৈও ৫৪ হাত দ এনে এটা নাদ আছে; তাৰ ব্যাস প্ৰায় ৬ হাত কিন্তু মুখলৈ ক্ৰমে বহলহৈ কুণ্ডৰ সৈতে মিলিছেহি।

 যেনেকৈ আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত হয়, সেই দৰে এই প্ৰবল উৎসৰো অকস্মাৎ পানী ভাপ ইত্যাদিৰ প্ৰচণ্ড বেগে উৎক্ষেপণ হয়। প্ৰথমতে বৰ তোপৰ শব্দৰ নিচিনা ঘনে ঘনে দ গাজনী শুনা যায়, অলপৰ পাছতে ভূমিকম্প হয়; কিছু ক্ষণৰ পাছত কুণ্ডৰ পানী উত্তলি বলৈ ধৰে। অন্তত কেত খিনি ভাপ পানী অকস্মাৎ ওপৰলৈ উঠি চাৰিওফালে আছাৰ খাই পৰে। ভাপ, পানী ইমান ওপৰলৈ উঠে যে ১৬ মাইল মান দূৰৰ পৰাও তাক দেখি। কেবা বাৰ এই দৰে ভাপ, পানী, উঠাৰ পাছত পানীৰ এটা প্ৰকাণ্ড সোঁত, বহুত ভাপেৰে সৈতে আবৃত হৈ, কুণ্ডৰ মুখৰ পৰা বহুত ওপৰলৈ উঠে। দমে-দমে ভাপ তাৰ পৰা ঘূৰি ঘূৰি উঠি আকাশ আছন্ন কৰে। বহুত ওপৰলকে স্তম্ভকাৰে পানী উঠি কিছু দূৰত ভাঁজ লৈ ফুল-জাৰীৰ ফিৰিঙ্গটি পৰাৰ দৰে পানী খিনি ফেণ-কনিকা হৈ পৰি অপূৰ্ব্ব শোভা ধৰে। ইয়াৰ সমান সুদৃশ্য আশ্চৰ্য্য স্বাভাবিক কাৰষণা কি হব পাৰে! কুণ্ডত উঠোতে পানীৰ ধাৰ বিলাক কেতিয়াবা ঘোৰ নীল বৰনীয়া, কেতি-