পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
নদী, হ্ৰদ আর উৎস।

চাপৰ, উৎক্ষেপণ সিমান ওখ হৰ। গোলাঘাটৰ ওচৰৰ নামবৰ হাবি পুং আরু মুঙ্গেৰৰ সীতাকুণ্ড নামে উৎস প্ৰথম বিধৰ; আইচলেণ্ডৰ গাইচৰ নামে উৎস বিলাক দ্বিতীয় বিধৰ।

 নৱম অধ্যায় বিশেষকৈ কোৱা হব যে ভূমি তললৈ ক্ৰমে তপত; প্ৰায় ৬০ ফুটত ১০ ফা. নিৰিখে তাপ বাঢ়ি যায়। এই দৰে প্ৰায় ১৩,০০০ ফুট দত উত্তলা পানীৰ সমান তাপ আছে। পৃথিবীৰ স্তৰ-ৰূপ সন্নিবেশ প্ৰায় ৬০,০০০ ফুটৰ তললকে থকাৰ প্ৰমাণ আছে। যদি কোনো রূপে উৎসৰ পথ এনে তপত স্তৰৰ মাজেদি হয় তেন্তে তাৰ পানী উত্তলা পানীৰ সমান তপত পোৱা যাব। নানা বিধ স্তৰৰ মাজে আছে দেখি উৎসৰ পানী লোণ, লো, গন্ধক, চূণ ইত্যাদি নানাবিধ খনিজ বস্তুৰে মিহলি থাকে। লোণ, লো, গন্ধক, আদি মিহলি থকা পানীৰ উৎসক ঔষধীয়া উৎস কয়; কাৰণ ইয়াৰ পানীত গা ধুই মানুহে অনেক ৰোগৰ পৰা মুক্ত হৈছে। কোনো উৎসৰ পানী বিশুদ্ধও আছে। কোনো কোনোটোত চুণ ইমান থাকে যে তাৰ পানীত গছৰ ঠাল বা পাত পেলোৱা মাত্ৰ তাৰ ওপৰত চূণৰ এটা কলপ হৈ সেই বস্তু তৎক্ষণাৎ শিল যেন টান হয়। ৰোম ৰাজ্যৰ প্ৰসিদ্ধ চক্ৰবৰ্ত্তী টেজানে, ডেনিউব নৈৰ ওপৰত কাঠৰ এখন সাঁকো পাতে; সেই সাঁকো এই রূপেই এতিয়া শিলাময় হৈ আছে। টষ্কেনি দেশৰ চেণ্ট-ফিলিপ নগৰৰ গোটা দিয়েক উষ্ণ উৎসৰ পানীত ইমান চূন আছে যে তাত সাঁচ পেলালে তাৰ ভিতৰত ঠিক এখন শিলৰ আদৰ্শ তৈয়াৰ হয়। কাছাৰৰ ফালে কপিলি নৈৰ, কানত সুমিৰ নামে ঠাইত এটা তপত উৎস আছে; তাতে বিস্তৰ চূণ উঠে।

 ভাৰত বৰ্ষৰ ঠায়ে ঠায়ে অনেক তপত উৎস আছে। সীতাকুণ্ড এটাইতকৈ বিখ্যাত; সীতা দেবীএ লঙ্কাৰ পৰা উভতি অহাৰ পাছত এই কুণ্ডত বুৰ দি সতীত্ব প্ৰমাণ কৰিছিল, এই অনুমান