অনেক নদীৰ গুৰি বা মূল বিচাৰি গলে অন্তত পৰ্ব্বতৰ তলৰ পৰা নিজৰি অহা পানীৰ সুতি পোৱা যায়। এই বিলাক সুতিক জৰণী কয়, অথবা কোনো নদীৰ আদিত এটি কুণ্ড পোৱা যায় তাৰ পৰা পানী ওপৰলৈ অত্যন্ত বেগেৰে উৎক্ষিপ্ত হয়। ইয়াক উৎস বা ভূমুক কয়। উৎস আৰু জৰণীৰ মূল একে; বৰষুণ তুষাৰ আদিৰ পানী প্ৰথমে পৰিশোষণ-শীল প্ৰস্তৰে শুহি ৰাখে; পাছে ভাৰ পৰা উৎস বা জৰণী রূপে বাহিৰ হয়। কিন্তু উৎস হবৰ নিমিত্তে পৰিশোষণ-শীল প্ৰস্তৰত কোনো বিশেষ ভাজ থাকিব লাগে। পাছত দিয়া ১৩শ প্ৰতিকৃতিৰ সোঁ হাতে উপত্যকা এটিৰ চিত্ৰ আছে। সেই উপত্যকা, ক আরু খ পৰ্বতৰ মাজত। নৱম অধ্যায়ত ভূ-ভাগ সম্পৰ্কে লিখা কথাত পোৱা হব যে পৃথিবীৰ ওপৰ ভাগ নানা বিধ মাটি শিল বালি ইত্যাদিৰ তৰপেৰে গঠন হইছে। ক খ পৰ্ব্বতৰ মাজৰ উপত্যকাটো তৰপ চেৰেক কঙ্কৰ, বালি, আলটীয়া মাটিৰে গঠিত; ৮, ৯, তৰপ দুটা কঙ্কৰ আরু বালিৰ; তাৰ তলত থকা কলা তৰপ দুটা আলটীয়া বা কুমাৰ মাটিৰ। দুই আলটীয়া মাটিৰ তৰপৰ মাজত থকা তৰপপা কঙ্কৰৰ। পৰ্বতৰ ওপৰত যি বৰষুণ পৰে তাৰ সৰহ ভাগ ওপৰে দি বৈ তেতিয়াই নৈত পৰেগৈ। কিছুমান ৮, ৯, তৰপ বিলাকত সোমাই থাকি বাৰিষাৰ পাছতত লাহে লাহে পৰ্ব্বতৰ তল ভাগৰ পৰা জ ঠাইত নিজৰি ওলায়। এইরূপে নিজৰি ওলালে পানীৰ যি সুতি এটি হব সেইয়ে জৰণী। জৰণীত বৰষুণৰ পাছতেহে সৰহ কৈ পানী ওলায়; পাছলৈ কম হয়। আলটীয়া মাটি দুই তৰপৰ মাজত থকা কঙ্কৰ তৰপৰ মুৰ দুটা ই পোনে খ পৰ্ব্বতৰ বাওঁফালে সিপোনে ক পৰ্ব্বতৰ শিখৰত ওলাইছে। এই মুৰ দুটাত যি বৰষুণ পৰে বা তালৈ আন ঠাইৰ পৰা যি পানী বাগৰি আহে তাৰ কিছুমান মুৰ দুটাই সোমাই দ্বিতীয় আলটীয়া মাটি তৰপৰ ওপৰে বাগৰি
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
নদী, হ্ৰদ আরু উৎস।