পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
নদী, হ্ৰদ আরু উৎস।

পোন হোৱা ভাগো গড়া খহি আকৌ বেকা হব পাৰে। আরু স্বভাৱতো পূৰ্ব্বে পোন থকা নৈৰ কোনো ভাগ বেকা হোৱা দেখা গৈছে। ১২ চিত্ৰত ব হ ম প নৈৰ ম অংশে যদি বাওঁ হাতলৈ গড়া খহাই আরু সোঁ হাতলৈ চাপৰি পাতি বছৰে পতি ফুট ফুট ৰেখাৰ নিয়মেৰে আগ বাঢ়ি, একালত দ ৰ ল নৈৰ ৰ ঠাই পায় তেন্তে অৱশ্যে ইখন নৈৰ ম প এই গতি এৰি দৰ ল, নৈৰ গতিকে লব। কি জানি ব্ৰহ্মপুত্ৰ আরু তিস্তা নদীৰ গতি এই দৰেই লৰিছিল। তেনেহলে দ ৰ ল নদীএ ব্ৰহ্মপুত্ৰ, আরু ব হ ম প নৈএ তিস্তা বুজাব।

  কোনো কোনো নৈ আছে যি বাটত পৰ্ব্বতাদিৰ বাধা পালে আরু পৰ্ব্বতৰ তলৰ মাটি কোমল থাকিলে বা কঙ্কৰ ময় হলে, সেই মাটি ধুই পৰ্ব্বতৰ তলেদি বৈ সিফালে ওলায়। এই বিলাক নদীক “অন্তঃসলিল-বাহিনী” বোলে। শুনা যায় যে ফ্ৰাঞ্চ দেশেৰ রুণ নদী চিনেন আরু লেকলিউচ গাৱঁৰ মাজত এই দৰে মাটিৰ তলে বৈছে। কোনো নদীৰ বাটত যদি বালিয়া মৰুভূমি থাকে তেন্তে সেই নদী বালিৰ তলে কিছুমান বাট গৈ নেদেখা স্বরুপে বয় আরু বালি খানিলে ওপৰতে পানী পোৱা যায়। ভাৰতবৰ্ষৰ ৰাজ স্থানৰ সৰস্বতী নদী আরু গয়া ধামৰ ফল্গু নদী এই শ্ৰেণীৰ ভিতৰত পৰে। দৰঙ্গ জিলাৰ জেলা আরু লক্ষ্মী নদী এখন পৰ্ব্বতৰ পৰা ওলায়েই কেবা মাইলো এই দৰে.অন্তঃসলিল-বাহিনী হৈ বৈছে।

 যদি কোনো পাৰ্ব্বতীয়া প্ৰদেশৰ নদী এখনে এক ওখ অধিত্যকাৰ