পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯২
প্ৰাকৃত-ভূগোল।

খাল বা বিল থাকিবলৈ দিব নালাগে থাকিলেও তাৰ পৰা নৈলৈ জান থাকিব লাগে, যাতে তাৰ পানী নিজৰি নাহি ওপৰেদি বৈ যায়। বন ৰোৱাত পানীৰ সোঁত গড়াত নালাগিব, সেই নিমিত্তে আরু বনৰ সিপাৰ দ্বাৰা সংসক্ত হোৱা বাবে গড়াৰ মাটি উটি নোযোৱা হব; আরু গড়া হেলনীয়া কৰি দিলে সেইএ কোমল মাটি থাকিবৰ স্বাভাৱিক ভাৱ বুলি খহি নপৰিব। স্বভাৱতে নৈৰ যি ভাগ ওপৰত দিয়া ভাৱত আছে তাত গড়া খহা দেখিবলৈ নাই। দিখৌ নৈৰ মুখৰ পৰা দুই এক মাইল মানৰ উজনিত কেবা মাইলো এই অৱস্থাত আছে। পানী বাঢ়িলে তাত হাবিৰ গাইদি পানী পিচলি যোৱা দৰে বৈ যায়।

 আমাৰ ঘাই কথা-সুত্ৰৰ পৰা অনেক আতিৰিলোঁ। গড়া খহনীয়াই মৰ-নৈ, এৰা সুতি ইত্যাদিৰ কাৰণ। গড়া খহাই নৈএ এফাললৈ ক্ৰমে ঠেলি যদি আন নদী বা নিজৰ এক অংশ পাই। পূৰ্ব্বৰ গৰ্ভ এৰি নতুন পথেদি পোনাই যায়। ১১শ আরু ১২শ চিত্ৰ চালে আমাৰ কথা সহজে বুজা হব।

১১ চিত্ৰৰ গ ক ব চ খ ল এক সৰ্পাকৃতি নৈ। সেই নৈৰ গ ক খণ্ডে যদি সোঁ হাতলৈ গড়া খহাই আৰু বাওঁ হাতলৈ টুপ পাতি ফুট ফুটীয়া ৰেখাৰ নিয়মেৰে বছৰে বছৰে আগ বাঢ়ি এবাৰ চ ল খণ্ডৰ খ ঠাই পায়, তেন্তে নৈ এ গ ক ব চ খ ল এই বক্ৰগতি নলৈ গ ল এই বাটে দি পোনাই যাব। তেনে হলে পাঠকে ভাবিব পাৰে যে এই দৰে অন্তত নৈ গোটেইখন এ সময়ত পোন হব গৈ। কিন্তু তেনে হব নোৱাৰে। কাৰণ,