পূৰ্বে ব্ৰহ্মপুত্ৰ মৈমনসিঙ্গে দি ঢাকাৰ কিছু পূবে বৈছিল; এতিয়া সেই টো মৰা-সুতি। আজি কালি গোয়ালণ্ডৰ পোনে বয়। নৈয়ে বাট সলোৱাৰ উদাহৰণ অনেক দিব পাৰি। কোনো বিলাকৰ কাৰণ ভূমিকম্প আরু আগ্নেয় গিৰিৰ উৎপাত। তাৰ কথা পাছে বৰ্ণোৱা হব; কিন্তু সাধাৰণ যিবিলাক পৰিবৰ্ত্তন ঘটে তাৰ কাৰণ “গড়া খহনীয়া” গড়া খহনীয়া কি বস্তু, নৈ দাতীৰ সকলো মানুহৰে জনা আছে। গড়া খহাৰ তিনি কাৰণ আছে। (১) পানীৰ তলত থকা মাটি সোঁতত উটি যোৱা; (২) বৰষুণৰ পানী বা দূৰৰ বিল বা খাল পৰা জৰি অহা পানীৰ দ্বাৰা গড়া কোমল হোৱা; (৩) পৃথিবীৰ মাধ্যাকৰ্ষণ। বালি বা বোকাক থিয় খুটাৰ নিচিনাকৈ দম কৰি ৰাখিব নোৱাৰি। সিহঁতৰ মাজত সংহতি শক্তি প্ৰায় নথকাত আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ অৱশ্যে সিহতৰ পাৰ্শ বিস্তৃত হৈ অৰ্থাৎ হেলনীয়া হৈ পৰিব। গড় টান বা শিলাময় হলে, সোঁতে ঠিক তললকে খানিলেও ওপৰত গড়া ওলমি বা লম্ব হৈ থাকিব পাৰে; কিন্তু নিজৰা পানীৰ দ্বাৰায় বা বৰষুণৰ পানীৰ দ্বাৰায় গড়া পূৰ্বৰে কোমল হৈ থাকিলে, দুই তিনি নলৰ আঁতৰতো যদি তলত সোঁতে অলপকৈয়ে গোৰ খানে, তেও এদম ধানৰ তলৰ পৰা আঁতৰতে যনেকৈ গোটাদিয়ে কাঢ়ি নিলে, ওপৰৰ ধান খহি পৰে, গড়াও ঠিক সেইদৰে নিজ ভৰত খহি পৰিব। এই তিনি কাৰণৰ প্ৰতীকাৰ কৰিব পাৰিলে গড়াখহা নিবাৰণ কৰিব পাৰি। অনেকে বাঁহৰ হেঙ্গাৰ দি নৈৰ বেগ কমাই তাক নিবাৰণ কৰিবলৈ পুরুষাৰ্থ কৰে। কিন্তু তাৰ পৰা বিশেষ ফলোদয় নহয়। গড়াখহি আপুনি হেলনীয়া হলে বা মানুহে ৪৫০ মান হেলনীয়া কৰিলৈ সেই গড়াৰ ওপৰত নল, খাগৰি, গেন্ধালি বন প্ৰভৃতি পানীত নমৰা বন কিছুমান, খৰালি কালিৰ পানীৰ জুঙ্গলীৰ পৰা গছৰ ওপৰলকে যোৰাকৈ রুই দিলে বহুত উপকাৰ হবৰ সম্ভব। আৰু নৈৰ ওচৰত
পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
নদী, হ্ৰদ আরু উৎস।