ভৈয়ামত; পৰ্ব্বতীয়া ঠাইৰ পৰা নামিয়েই ইয়াক পোৱা যায়। ইয়াৰ বেগ বৰ কম আরু গতি সৰ্পাকৃতি। যথেষ্ট পানী থাকিলে ইয়াত নাওঁ চলাব পাৰি। পাৰ্ব্বত্যাংশই অনা মাটি বালি ইয়াৰ পৰাই পাতিবলৈ আৰম্ভ কৰা হয় কিন্তু নদী-গৰ্ব্ভ ঠেক বুলি ইয়াত সৰহকৈ গোট খাব নোৱাৰে; যি অলপ চাপৰি বা চট-স্বরূপে গোট খাই সিও ক্ৰমে ভটীয়াই যায়। সঙ্গমাংশত এখন নদী আন এখন নদীৰ সৈতে বা সাগৰৰ সৈতে মিলে। এই ঠাইতে সমুদায় উটি অহা বালি মাটি খিনি পতা হয়। সাগৰে বা প্ৰধান নদী উটাই নিনিলে তাত পলশ গোট খাই নতুন ভূমিৰ স্বজন হয়। সমুদায় বঙ্গপ্ৰদেশ ব্ৰহ্মপুত্ৰ আরু গঙ্গা নদী এই দৰে উটাই অনা মাটিৰ পৰা উৎপন্ন হয় আরু সুন্দৰ-বনো ক্ৰমে এই দৰেই বাঢ়িব লাগিছে। ব্ৰহ্মপুত্ৰৰ ভিতৰৰ মাজুলি নামে প্ৰখ্যাত দ্বীপটোও এই দৰে সুবন শিৰি নৈএ কঢ়িওৱা মাটিৰ পৰাই সজা হল বুলি ৰবিণচন চাহাবে কয়। সঙ্গমাংশত নদী প্ৰায় বহুধাৰা হয় আৰু দুই ফালে দোসোঁতা বৈ আগত সাগৰৰ সৈতে এডোখৰ ত্ৰিভুজৰ নিচিনা ভূমি পৰিবেষ্টন কৰে। এই ভূমিক “ত্ৰিকোণ-মণ্ডল” নাম দিয়া হয়। যি বিলাক নৈ সাগৰৰ দাতিত থকা পৰ্ব্বতৰ পৰা ওলাই সাগৰত পৰে সেই বিলাক সরু আৰু সিহতৰ মধ্যমাংশ বুলিব পৰা এনে কোনো ভাগ নাই। সঙ্গমাংশ ভাগকো পাৰ্ব্বত্যাংশৰ পৰা ভিন্ন নেদেখি। সিহঁতৰ মুখত ত্ৰিকোণ-মণ্ডল ভূমিও নাথাকে। নৰওয়ে দেশৰ পশ্চিমলৈ বোৱা। নৈ বিলাক এই শ্ৰেণীৰ।
প্ৰায় নদীৰ গৰ্ব্ভ সদা সৰ্ব্বদা একে ঠাইতে নাথাকে। আসাম প্ৰদেশত “মৰ-নৈ” নামে অনেক বিল আছে। মৰি দিখৌ, মৰি কলঙ্গ, এৰা সুতি ইত্যাদি নাম অলেখ। তিস্তা নৈ পূৰ্বে জাফৰগঞ্জৰ ওচৰে গঙ্গা নদীত পৰিছিল কিন্তু ইংৰাজী. ১৭৮৭ সনত অকস্মাৎ সেই বাট এৰি, পূৰলৈ বৈ দেৱানগঞ্জৰ ওপৰে ব্ৰহ্মপুত্ৰত মিলিলহি।