অসমীয়া
মৌখিক অঙ্ক।
১। যাৰে এক, দুই, নাইবা তাতকৈ অধিক বস্তু জনা যায়, তাক সংখ্যা ব পাটা বোলে। যেনে এটা ঘোড়া, দুটা গৰু, তিনটা গাহৰী বুলিলে সেই বস্তু বিলাকৰ সংখ্যা এক, দুই, তিনি বুজা যায়।
২। যি শাস্ত্ৰেৰে সংখ্যাৰ বিষয় জনা যায় তাক পাটীগণিত বোলে।
৩। যেতিয়া মুখে মুথে নাইবা মনে মনে পাটীগণিতৰ আলোচনা কৰা যায়, তেতিয়া তাৰ নাম মৌখিক অঙ্ক বা মানসাঙ্ক।
৪। পাটীগণিতৰ সকলো সংখ্যা দহোটা চিনেৰে লেখা যায়। সেই কেইটা চিনৰ নাম অঙ্ক বা ৰাশি। সেই চিন যেনে:—
এক দুই তিন চাৰি পাঁচ ছয় সাত আঠ ন শূন্য।
১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ০
অকল শূন্যেৰে কোনো সংখ্যা নুবুজায়। কিন্তু, ই, যেতিয়া কোনো অঙ্কৰ সোঁফালে বহে, তেতিয়া তাৰ মান দহগুণ বঢ়াই দিয়ে। যেনে ১ ৰ সোঁফালে এক শূন্য বহুৱালে ১০ হয়। ই, একৰ দহগুণ। সেই দৰে ১০ ৰ সোঁফালে এক শূন্য বহুৱালে ১০০ হয়। ১০০ শ, দহৰ ১০ গুণ। এনেকৈ ১ৰ