পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

⸻৹⸻

 পঢ়াশালীৰ লৰাছোৱালী বিলাকৰ নিমিত্তে ময় এই মৌখিক অঙ্ক পুথি খন ৰচনা কৰিলো। ইয়াক পাৰোমানে সহজ কৰিবলৈ পুৰুষাৰ্থ কৰিছো। ইয়াৰ প্ৰথম অংশত সংখ্যা লেখা, সংখ্যা গণা, ধাৰাপাত, লঘুকৰণ, অমিশ্ৰ আৰু মিশ্ৰ চাৰি নিয়ম, সাঙ্কেতিক, ত্ৰৈৰাশিক, বৰ্গমূল আৰু দ্বিতীয় অংশত মহাজনী আৰু বজাৰ হিসাবৰ নানাবিধ আৰ্য্যা আৰু সেই সকল আৰ্য্যা অনুসৰি ভালেমান উদাহৰণ দিয়া হইছে। যদি ইয়াৰে লৰাছোৱালী বিলাকৰ অলপমানো উপকাৰ হয়, তেনে হলে মোৰ পৰিশ্ৰম সফল হল বুলি জানিম। ইতি।

গুৱাহাটী।
৯ই জানুৱাৰি,
১৮৮৮।
শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তী।