পৃষ্ঠা:অসমীয়া ভাই.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৫ ) নলয় কোনোৱে “জবা-কুসুম” একণ, “কুন্তলীন”, “ফুলেলা”ৰ নলয় ভৰণ। দেহা মন সিহঁতৰ কেনেনো আঁটিল। হাত, ভৰি, গাল, মুখ, সকলোৰে মিল। মাজুলিত নাই চোৰ ঠগৰ সংশয়। মিছা, ফাঁকি আদি পাপ কদাপি নহয়। নিজে কাম কৰি নিজে ধন ঘটি খায়। আন মানুহৰ কেৱে মুখলৈ নেচায়। ৰাজহুৱা ফুলবাৰী কৰে জলমল। ফুৰে শাৰী পাতি ডেকা-গাভৰুসকল। নানা তৰহৰ ফুল, দেখিবলৈ ভাল— মাধই-মালতী আৰু গধূলি-গোপাল। জাতি, জুতি, ৰঙ্গা জবা, বন্দুলি, বকুল — বাৰী জিলিকাই ফুলি আছে কত ফুল। গোলাপ, পদুম আৰু সেউতী, টগৰ— নানা ৰহণৰ ফুল কৰে টৰবৰ। চেনিচম্পা, বেলি, ভেঁট, কেতেকী, কাঞ্চন - ফুলিছে খৰিকাজাঁই নদন বদন। গধূলি হলেই লোকে এৰি বন-বাৰী, ফুলনীলৈ আহে কেনে ধুন-পেঁচ মাৰি। গাভৰুৱে খোজ কাঢ়ি ফুৰে হালি-জালি। ৰাঙ্গলি হাতত শোভা কৰে আম-ডালি।