পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০৫০ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব ( পিলৰ দৰে চকু যাৰ সি পিতল-চকুৱা, one who has got eyes like brass=brown-eyed); নাহৰ-ফুটুকী (নাহৰৰ ফুলৰ দৰে ফুট যাৰ সি নাহৰ-ফুটুকী, that which has spots like the Nageswar lower=a species of leopard); তেল-টুপি (তেল-টুপি ঘঁহাৰ দৰে নিমজ গা যাৰ সি তেল-টুপি, that which looks spruce as though smeared with oil=the sand-marten); সাতসৰী (সাত সাৰী যাৰ সি সাতসৰী, that which has seven strings =a necklace of seven strings); আমা- ডিমা (আমা যি ডিমা সি আমাডিমা, the egg which has just been laid =quite young); অৰাইজ (অ বা নাই ৰাজ্য য’ত = wilderness); গজমূৰা (গজৰ বা হাতীৰ মুৰৰ দৰে আঘাত পায় যাৰ মূৰে সি গজমূৰা, elephant-headed=unfortunate man; harbinger of evil); ইত্যাদি। ৫০৮। তৎপুৰুষ-বহুব্রীহি (Tatpurusa possessive) এই সমাসত প্রথম পদটো সম্বন্ধ-পদৰ আৰু কেতিয়াবা অধিকৰণৰ অর্থ প্রকাশ কৰে। যেনে, তিতা-ফুল (তিতাগছৰ যি ফুল সি তিতা-ফুল, the flower of Bahaka, a kind of bitter plant ); থল-গিৰী (থলৰ যি গিৰী সি থল-গিৰী, owner or guard of the place=an evil spirit); দেওবৰ (দেওবাৰে উপজিহে যি, one who was born on a Sunday= a name); ইত্যাদি। ৫৯। মুল (Derivation)। এই সমাসৰ মূল সংস্কৃত আৰু বৈদিক বহুব্রীহি সমাস। কৰ্ম্মৰয় বহুব্রীহিত প্রথম পদটো গুণবাচক বিশেষণ বা একার্থ-প্রতিপাদক সংজ্ঞা বা অব্যয় হয়। যেনে, উগ্র-বাহু (powerful-armed); অশ্ব-পর্ণ (horse- winged, ie, whose wings are horses); সুপর্ণ (beautiful winged)। তৎপুৰুষ-বহুব্রীহিত প্রথম পদটো সম্বন্ধ-পদ আৰু কেতিয়াবা অধিকৰণ হয়। যেনে, সকাম (having a desire for wealth); ১। Macd v. Gramm, ৪ 189.