পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৩ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব (১) নও সমাস (Negative possessives)। (২) যি সমাস (Numeral possessives)। সমাস হলে সাধাৰণত প্রথম পদৰ বিভক্তি লােপ হয় আৰু শেষৰ পদৰ লিঙ্গ যৌগিক শব্দৰৰ লিঙ্গ হয়। ১। তৎপুরুষ সমাস | (Dependant determinatives) ৫০০। এই সমাসৰ প্রথম পদটো সংজ্ঞা-শব্দ বা সৱনাম হয় আৰু কাৰক বা সম্বন্ধ পদৰ অৰ্থ আৰু কেতিয়াবা আকৃতি গ্ৰহণ কৰে। শেষৰ পদটো কৃদন্ত সংজ্ঞা বা সাধাৰণ সংজ্ঞা শব্দ হয়। শেষৰ শব্দটো বিশেষ হলে যৌগিক শব্দটোও বিশেষ্য হয় আৰু শেষৰ পদ বিশেষণ হলে সমস্যমান শব্দটোও বিশেষণ হয়। | (১) দ্বিতীয়তৎপুরুষ সমাস (Accusative dependants) : এই সমাসত সাধাৰণতঃ শেষৰ পদটো কৃদন্ত সংজ্ঞা হয়। যেনে, বতাহ-গিলা অর্থাৎ বতাহক গিলা (lit. swallowing of air: a name of a mouza ); মূখা-ফুটা (lit. piercing of the ridge of a house; conspicuous, illustrious); কাণ-খােৱা (ear-eater); বাখৰ-পতা (set with stones); মাল-যুঁজ বা মাল-যুঁজা (fighting unarmed; boxing); কচু-ঘোঁটা (churning like Kachu or arum); লৱণু-চোৰ (butter-stealer-Srikrsna); মাছ-ৰােকা (lit. fish-scrapper; king-fisher); তেজ-পিয়া (lit. blood-sucker; a kind of lizard ); সেপ-ঢােকা (sallowing of spittle); দা-ধৰা (le. holder of Da; a class of body-guards of the Ahom Rajahs); গুৱা-কটা (one who cuts areca-nuts for the Gosain); গােব-খেচৰা (the Hoopoo); পদুলী-শুঙা (lit. one smeling gatewaysone frequenting other people's house without necessity); ইত্যাদি। (২) তৃতীয়াতৎপুরুষ সমাস (Instrumental dependants) এই সমাসততা শেষৰ শব্দটো সাধাৰণতঃ কৃদন্ত-সংজ্ঞা হয়। যেনে, ভৰিমৰা (অর্থাৎ ভৰিৰে মৰা thrashed with feet ); হাতে-কটা (hand-spun);