পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৪০৭ লগৰীয়া (associate, companion) from লগ (union, companion- ship); ভাৱৰীয়া (an actor) from ভাও (a play): নাৱৰীয়া"(a boatman) from নাও (a boat); কাঠৰীয়া (a wood-cutter) from কাঠ (wood, timber); কাষৰীয়া (pertaining to a side or edge) from কাষ (side or edge); বিজাতৰীয়া (degenerate) from বিজাত (degraded in caste or class); ভাগৰীয়া joint) from ভাগ (a share); ইত্যাদি। স্ত্রীলিঙ্গ লগৰীয়ানী, ভাৱৰীয়ানী, ইত্যাদি। চতুর্থ থ: যেনে, বাটৰুৱা (traveller) from বাট (a road ); হাটৰুৱা (person frequenting a hat) from হাট (a market); ভাগৰুৱা ( joint) from ভাগ (a share); বেহেৰুৱা ( engaged in trade, a trader) from বেহা (trade); ডেকেৰুৱা ( full-grown) from ডেকা (youth); ঘাটৰুৱা (person frequenting a ghat) from ঘাট (a bathing cr landing place on a river bank); আধৰুৱা (half done) from আধা:( half ); ইত্যাদি। ৪৪৮। মুল (Derivation) সংস্কৃতত তাত হােৱা অৰ্থত য, ইক আদি প্রত্যয় হয়। প্রাকৃতত সেই অর্থত ‘ইল্ল’ বা ‘উল্ল’ প্রত্যয় হয় (হেমচ, ২০১৬৩)। ইল্ল আৰু উল্ল প্রত্যয় কথা আগেয়ে কোৱা হৈছে ($৪৩৫)। সংযুক্ত ‘ল্ল’ৰ এটা সােপ হলে এই প্রত্যয় ইল বা উল হয়। অসমীয়াত ‘ই’ আৰু ‘উ’ৰ ঠাইত ‘অ’ বা ‘আ’ হয় ($$১২৯১১৩০ )। এইদৰে ‘অল’ প্রত্যয় পােৱা যায়। আকৌ ‘ল’ৰ ঠাইত ৰ হলে ( $$১০৩১৫৫) অৰ’ প্রত্যয় ওলায়। তাৰ পাচত অসমীয়া তদ্ধিত ইয়া আৰু উৱা যােগ কৰিলে ($$৪৪১৪৪৩), অলীয়া, অৰীয়া, অলুৱা, অৰুৱা প্ৰত্যয় পােৱা যায়। এনে প্রত্যয় প্রাকৃততে পােৱা যায়। যেনে, স, গ্রাম্যক বা গ্রামিক (belonging to a village, villager)= প্রা. গামিল্লিআ (হেমচ, ২০১৬৩), গামেলুকা (মৃচ্ছক), অ, গাঁৱলীয়া। স. মিশ্র (mixed ), প্রা. মীলিমম্ (হেমচ, ২০১৭), অ. মিহলীয়া ; ইত্যাদি।