পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮২ অসমীয়া ব্যাকৰণ আৰু ভাষাত mother), ভিনীহিয়েক (elder sister's husband), ইত্যাদি। প্রাকৃত ক' প্রত্যয়ৰ ঠাইত সচৰাচৰ অ' হয়। কিন্তু কেতিয়াবা ৰক্ষিত হয় ( ৪২৮)। বিশেষকৈ পৈশাচী প্রাকৃত ‘ক’ অপৰিবর্তিত থাকে। যেনে, পৈ. প্রা. বদনকে বদনক সমপ্লেটুন =স, বদনে বদনং সমপয়িত্বা (হে. ২১৪৬)। কেতিয়াবা ‘ক’ দ্বিত্ব হয়। যেনে, প্রা. তুহিকো=স, তৃষ্ণীকঃ (হে. ২৯৯); মা. প্রা. হড়কে=স, হৃদয়কে (বৰ, ১১১১৬; অপভ্র, চৰক, চড়ক= চপেট ( হেমচ, ৪৪০৬), অস, চৰ ( slap)। এইদৰে প্ৰাকৃতত ‘ক’ৰ ঠাইত ‘অ’ আৰু ‘কক’ৰ ঠাইত ‘অঅ বা আ, মা, প্রাকৃতত এ আৰু কএ বা ( আকাৰান্ত, ইকাৰান্ত আৰু উকাৰান্ত শব্দৰ পাচত) আক, ইক আৰু উক হয়। এতেকে প্রাকৃতত আমি এইবিলাক প্রত্যয় পাওঁ; অর্থাৎ (১) ক লােপ হলে এ বা অএ, ই, উ, (২) ক লােপ নহলে অকে, আকে, ইকে, ঈকে, উকে, উকে; (৩) ডবল প্রত্যয় হলে অকএ, ইকএ, উক বা আকএ, ঈক উকএ আৰু (৪) ডবল প্রত্যয় হলে আৰু উভয় ‘ক ‘অ’ হলে অসএ, ইঅএ উঅএ। প্রাকৃতৰ প্রথম বিধ প্রত্যয় অসমীয়াত স্বৰ-বিকৃতিৰ নিয়মে আ, ই (ঈ) আৰু উ (উ) হয় ( $$ ১১৬। ১১৮); যেনে, মাতা, কৃৱা, মাটি, মউ। প্রাকৃতৰ দ্বিতীয় বিধ প্রত্যয় অসমীয়াত অক, ইক, উক হয় ; যেনে, ভৰক, পিক, ফাইক, হালুক। প্রাকৃতৰ তৃতীয় বিধ প্রত্যয় অসমীয়াত সন্ধিৰ নিয়মে অকা, ইকা, উকা হয় ; যেনে, হালকা, খৰিকা, জেতুকা। কেতিয়াবা অকা, ইকা আৰু উকাৰ ঠাইত আকি, ইকি আৰু উকি হয়। যেনে, চিনাকি ( acquaintance) from চিনা (knowing ), মাইকী (female), ভাবুকি (empty threat) from ভাব (temperament)। প্রাকৃতৰ চতুর্থ বিধ প্রত্যয় অসমীয়াত অঅ = অঅই ($$৯৯১১৫)= আই বা অই বা ঐ হয় ; যেনে, গৰৈ= প্রা, গড়অ = স. গড়কক; খাৱৈ=প্রা. অঅ= খাতকক। প্রাকৃত প্রথম বিধ প্রত্যয়ত আর্থিক অণ, প্রত্যয় ( ১৪৩৪) যােগ কৰিলে এণ ( = এ), ইএন ( = ইএ, উমণ ( =উএ) হয় বা ‘এ’ৰ ঠাইত আ হলে (১ ১১৬) আঁ, ইয়া, উৱা হয় ; যেনে, পােৱা, ভাইয়া, বৌৱা। আর্থিক প্রীলিঙ্গ ইকা, উকা প্রত্যয় ইআ, উঅ =ঈ, উ ($১১) বা ইয়া, উৱা (৪৬৫) হয়। আৰু ওপৰত লিখা পুল্লিঙ্গৰ প্রত্যয়বিলাক আকী, ঈকী, উকী আৰু অকা, কা উকা হয়।