পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কং-এত্যয় ৩৭৫ প্রথম দুবিধ ভূত নিত্যকৃৎ ( past perfect or perfect participle), দ্বিতীয় বিধ কৃদন্ত সংজ্ঞা বা বিশেষণ আৰু তৃতীয় আৰু চতুর্থ বিধ ক্রিয়া- বিশেষণ সিদ্ধ কৰিবলৈ ব্যৱহৃত হয়। নিত্যকৃৎ ইল, অল, ল আ আ প্রত্যয়ৰ কথা ওপৰত কোৱা হৈছে ( $$ ৩৫৬৩৫৭)। আ. প্রত্যয়ান্ত শব্দ কৃদন্ত সংজ্ঞা আৰু বিশেষণ (participle adjective & noun) স্বৰূপেও ব্যৱহৃত হয় বুলি কোৱা হৈছে (১৩৫৮)। এই প্রত্যয় স্ত্রীলিঙ্গত ‘ঈ বা ‘অতী’ হয়। যেনে, গাল-পােৰা (having a black spot on the cheek--said of a parrot), স্ত্রী, গাল-পুৰী; সৱজান (one who pretends to know everything, a diviner), স্ত্রী, সৱজানী ; মৰা ( it to die, a term of abuse ), স্ত্রী, মৰতী ; হতছিৰী-যােৱা (one fit to perish, a term of abuse, হতছিৰী-যাতী; চুৱা-খােৱা (one eating impure things, a term of abuse ), স্ত্রী, চুৱা-খাতী ; বুজা knower ), স্ত্রী, বুজতী ; ইত্যাদি। ইলে, ইলত আদি প্রত্যয় বাস্তৱিকে সংযােজক ক্রিয়া-বিশেষণ (conjunctive adverb)। (যেনে, সি আহিলে মই যাম (after he has come I shall go); সি আহিলত মই গলাে (after he came I have gone)। ইয়াৰ প্ৰথমটো বর্তমান আৰু দ্বিতীয়টো ভূতকালত ব্যৱহৃত হয়। ৪২৬। মূল { Derivation) ইল, অল, ল আৰু আৰ মূল ওপৰত দিয়া হৈছে ( $৩৫৭ )। ইলে, অলে বাস্তৱিকে ক্রিয়া-বিশেষণৰ প্ৰত্যয়। ক্রিয়া-বিশেষণৰ দৰে কৃদন্ত প্রাতিপদিকৰ পিছত ৭মী বিভক্তি ‘এ’ যােগ কৰিলে এই প্রত্যয় পােৱা যায়। ইলত আৰু অলত বাস্তৱিকে ইল + অত (৭মী বিভক্তি) আৰু অল্ + অত ( $ ৩৫৯)। স্ত্রীলিঙ্গ ‘অতী' প্রত্যয়ৰ মূলে ওপৰত দিয়া হৈছে ( $ ৪১২)। নৱম বিধ ৪২৭। সা. লি. পুল্লিঙ্গ স্ত্রীলিঙ্গ ১। অক। অকা অকী, অকি এই প্রত্যয় কৃদন্ত সংজ্ঞা আৰু বিশেষণ উলিয়াবলৈ ব্যৱহৃত হয়। যেনে, বৈঠক (a stand, a sitting ), from বৈঠ, (to sit); জলক (brilliant