অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বাক্যত অসমীয়া ভাববাচ্য কৰিলে অস্বাভাৱিক আকাৰ ধাৰণ কৰে। যেনে, পানীৰ বঢ়া হয়। তেতিয়া তাৰ কর্তৃবাচ্যৰ ৰূপ—“পানী বাঢ়ে” হব। এই শেষৰ বাক্যক কিন্তু আমি কর্মকর্তৃবাচ্যৰ বাক্য বুলি ভাবে। (খ) সকলাে প্রাকৃতিক ভাষাতে ওপৰত উল্লেখ কৰা যৌগিক কর্ম- বাচ্য আছে আৰু তাক সংস্কৃতৰ পৰা নমাই আনিব পাৰি। সংস্কৃত ক্ৰিয়াৰ পাচত ক্য (=য) প্রত্যয় যােগ কৰি কর্মবাচ্য কৰা হয়। প্রাকৃতত এই প্রত্যয় ‘ই’ বা ‘ইজ’ হয়, (হেমচ, ৩১৬০ ; বৰক. ৭৮) আৰু প্রাকৃতিক ভাষাত ইয়, ই, ইজ বা অজ হয়। যেনে, স, হতে (is laughed ), প্রা. হসীঅই, হসিজ্জই ; স. পঠতে (is read ); প্রা পঢ়ীঅই, পঢ়িজ্জই ; স. দ্বিধাক্ৰিয়তে (is split into two), প্রা. দোহা। কিজ্জই, দুহা কিচ্ছই, হিন্দী দোহা কীজে ; স. স্মর্যতে (is remembered ), প্রা. সুমৰিই (হেমচ, ৪৪২৬)। তাৰ পৰা হিন্দী কীজে, কবি, পঢ়ি, যায়, ইত্যাদি আৰু অসমীয়াত কৰা যায়, দোহা কৰা যায়, পঢ়া যায়, - হঁহা যায়, সুমৰা যায়, ইত্যাদি ৰূপ হয়। স. পঠিত (read) = প্রা- পঢ়িঅ আৰু স. যাতি (goes)=প্রা. জাই। উভয়ে লগ হলে স. পঠিত যাতি=প্রা. পঢ়িঅ জাই, পঢ়িঅজই বা পঢ়িঅজৈ হয়। প্রাকৃত ‘পড়ি’ শব্দ নিত্যকৃৎ (past participle) আৰু তাৰ লগত জাই বা জৈ যােগ দি ‘পঢ়িঅজৈ কৰিলে শব্দটো পঢ়িই’ৰ অনুৰূপ হয়। এই সাদৃশ্যৰ পৰা বর্তমান প্রাকৃতিক ভাষাত আ-প্রত্যয়ান্ত নিত্যকৃতৰ পাচত যা ধাতু যােগ কৰাৰ নিয়ম ওলাইছে বুলি বােধ হয়। এইদৰে সংস্কৃত ‘য’ প্রাকৃত ‘জ্জ’ প্রত্যয়ৰ পৰা ‘যা ওলাইছে আৰু বহুকালব্যাপী ব্যৱহাৰৰ ফলত পূৰ্বৰ মূল হৰুৱাই যায়টোক এটা পৃথক ক্রিয়া বুলি আমি ধৰিছে। এইদৰে হসিইৰ ঠাইত ঘঁহা যায়, ‘পঢ়িজইৰ ঠাইত পঢ়া যায় আদি ঠাইত আমি যা এটা পৃথক ধাতু বুলি ধৰি কর্মবাচ্যৰ ক্রিয়া উলিয়াইছে। বর্তমানত যা’ৰ ঠাইত হ’ ধাতু বহুলৰূপে চলে। অসমীয়া ভাববাচ্যৰ অনুৰূপ কর্মবাচ্যৰ আকৃতি সংস্কৃতততা পােৱা যায়। যেনে, গুৰুণা শিষঃ ধর্মং বােধ্যতে বা গুৰুণা শিষ্যং ধর্মঃ বােধ্যতে (The pupil is taught Dharma by the preceptor)। | ১। এইটি হর্ণলিৰ মত। See his comp. gram. P. 828. See also Kellogg's Hindi Gram. ও it.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই