পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫ প্রাণক তেজিলাে হয় তােহােৰ সন্তাপে।মা. ক, থানত থাকিয়া কহিলন্ত হস্তে যেবে, এক দুই যুগুতি কহিলাে হন্তে তেবে।—দৈত্যাৰি ৰাদি পিতক আৰ্ত্ত বুলি; সি যদি পূর্বকৃত পুণ্য হয় তেন্তে মােক ভজে : অন্যথা ক্ষুদ্ৰ দেৱতাক ভজি সংসাৰী হৈল হয়।“ভট্ট দে. আত্মজ্ঞান-নিষ্ঠক জিজ্ঞাসু বুলি ; সিও যদি মহা পুণ্য কৰি থাকে তবে মােৰ ভক্তি কৰে; অন্যথা যপতপাদি কৰিল হয়। ইহলােক পৰলােক ভােগসাধন-অর্থ-কামুকক অর্থার্থি বুলি ; সিয়াে যদি পৰম সুকীৰ্ত্তি হয় তেৱে মােক মাত্র সেৱা কৰে ; অন্যথা শৈৱ-শাক্ত হৈল হয়। আত্মতত্ত্ব জানস্তাক জ্ঞানী বুলি ; সিয়াে উত্তম ধৰ্মৰ বলেসে মােক আৰাধন কৰে; অন্যথা। যােগধাৰণাদি প্ৰৱৰ্তিল হয়।—ভট্ট দে, এই কালাে যৌগিক (periphrastic)। (খ) মুল (Derivation): ইয়াৰ মূল ভূত অসমাপিকাৰ মূলে সৈতে একে, কেৱল ‘হয়’ (বা হই )-ৰ মূল ভিন্ন। অসমীয়া হয় বা হই = প্রাকৃত হুও =স, ভূত (was, existed )। ৩৮২। অনিশ্চিত সম্ভাব্য ( Indefinite conditional) অনিশ্চিত অর্থত ‘হবলা’ বা ‘হব’ বা ‘হব পায়’ শব্দৰ প্ৰয়ােগ কৰি সম্ভাব্য কাল (conditional tense) প্ৰকাশ কৰা হয়। ই বর্তমান, ভূত আৰু ভবিষ্যৎ তিনিও কালতে চলে। যেনে, সি আছে বলা বা হব বা হব পায় ( He is probably in ); সি আহিছে হবলা বা হব বা হব পায় ( He probably came)। হিন্দীতে এনে ব্যৱহাৰ আছে। যেনে, বহ আতা হােগা ( He is probably coming); বহ আয়া হােগা ( He must have come)। পু. অসমীয়াত এনে ব্যৱহাৰ আছিল। যেনে, মই বােলাে হুইবে প্রাণ প্রিয়া গৈল মৰি।—শঙ্কৰ শুনি মনপুৰে লৈলা নিষ্ঠুৰ বুলিবে। মােক পঢ়িখান দেন্ত দুঃখ পাইবে হুইবে।—দৈত্য, সৱে ৰাজাগণে | বােলে মনে মনে মােক বৰিবেক পায়।মা. দে,