৩০৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। হলে কেৱল ক থাকে। যেনে, হওক বা হক (let it be); থাকোক বা থাওক বা থাকক (let it stand)। (৪) সংস্কৃত লােট ‘আম’ বিভক্তি : এই বিভক্তি প্রাকৃতত আমাে, আম, এম হয়। অপভ্রংশত লটৰ অহুং হয়। যেনে স, হসাম (laugh we), প্রা. হমম, হসাম, হসেম, অপভ্রংশ হসহুম্। পু, অসমীয়াত তাৰ পৰা ও, ওহহ, আৰু অসমীয়াত ওঁ হয়। যেনে, পূ. অ, হাসােহে, হার্সো, অস, হাহে। “ৰাজ্যৰ নিমিত্তে আমি দুই ভাই যুজেহে।”—মা. ক। অসমীয়াত ১ব আৰু বহুবচনৰ ৰূপ একে। | (৫) সংস্কৃত লােট ‘অত’ বিভক্তি? | এই বিভক্তি প্রাকৃতত অহ (হ), অত, এথ হয় আৰু অপভ্রংশত লটৰ অহুঃ অহ হয়। তাৰ পৰা অসমীয়া বিভক্তি ওলাইছে। যেনে, হসত (laugh you), প্রা. হসহ হসত, হসেথ, অপভ্রংশ হসহ, হসহু ; পু, অ, হাসহ, হাস, হাসা, হাসহু, হাসাহা ; অস, হাঁহ, হাহ। অসমীয়াত একবচন আৰু বহুবচনৰ বিভক্তিৰ পাৰ্থক্য নাই। বৈদিকত অত, অতন (ত, তন) হয়। অতন’ ৰ পৰা কোন বিভক্তি অসমীয়ালৈ নামা নাই। অসমীয়া অ, আ, অহ আদি আকৃতি ঠিক একবচনৰ নিচিনাই। (৬) সংস্কৃত লােঢ় অন্ত বিভক্তি : এই বিভক্তি প্রাকৃত ‘অংতু’ হয়। তাৰ পৰা অসমীয়াত ওঁ, উ আ স্বাধিক প্রত্যয় ‘ক’ যােগ কাৰলে ওঁক, উক হয়। এই বিভক্তি একবচনৰ অনুৰূপ। ৩৭। অব্যয় ইত, ইক আৰু চোন (Indeclinables) : (ক) হঁত (Interjection-hant): অসমীয়া অনুজ্ঞাৰ ২য় পু. বহুবচনত ক্রিয়াপদৰ পাচত দঢ়াই কোৱা অৰ্থত কেতিয়াবা ‘হঁত’ অব্যয় ব্যৱহৃত হয়; যেনে, যাহঁত (go, I say); কৰহঁত (do, I say)। ইয়াৰ মূল বৈদিক হন্ত। বৈদিকত হস্ত দঢ়াই কোৱা অৰ্থত হর্ষবিদাত্মক অব্যয় স্বৰূপে (as an interjection in exhortations) ব্যৱহৃত হৈছিল। তাৰ অৰ্থ 'আহ’ (come); যেনে, ১। “হুযু -হ-মম।”, হেমচ, ৩১৭৬; ব. ১৯ ২। “বহুৰে হম্।”, হেমচ. ৪৩৮৬ ৩। “বহুত্বে ই।”, হেমচ, ৪৩৮৪ ৪। “হুধু -হ-মাে৷, হে, ৩১৭৬; ব ১৯
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই