অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব এই বিভক্তি এ বা ই হয়। যেনে, খাই, খায় (eats); শােৱে, শােএ ; ইত্যাদি। | (৪) সংস্কৃত মস' বিভক্তি : ই ল ১ম পু. বহুবচনৰ বিভক্তি আৰু ওপৰৰ নিয়মে ইয়াৰ আকৃতি ‘আম'। তাৰ পৰা প্ৰাকৃতত আমাে, আমু, আম, অমম, অমু, অম, ইমাে, ইমু, ইম এই কেই বিভক্তি হয়। অপভ্রংশত ইমো, ইমু, ইম, অমাে ইত্যাদি বিকল্পে হুম্ ( অহুম্ বা অহু) হয় ( $৩৬৭১)। ‘অহুৰ পৰা অহে, ওহে হয়। অসমীয়া একবচন আৰু বহুবচনৰ আকৃতি একে। বৈদিকত মস, মসি উভয়ে হয়। (৫) সংস্কৃত ‘থ’ বিভক্তি : ই ল ২য় পু. বহুবচনৰ বিভক্তি আৰু উপৰৰ নিয়মে ই ‘অথ’ হয়। প্রাকৃতত ই ‘অহ’ বা ‘অইখ’ (হ, ইথ ) হয় আৰু অপভ্রংশত ‘অহ’ বা ‘অহু’ হয়। অসমীয়াত ‘অহ’ৰ ঠাইত অ, আ, অহ ( অহ) আৰু আহা হয়। কেতিয়াবা ‘অহু’ৰ পৰা বিকল্পে অউ হয়। একবচনৰ আকৃতি ‘অস্’ বহুবচনতে কেতিয়াবা ব্যৱহৃত হয়। বৈদিকত থ, ধন উভয়ে হৈছিল। (৬) সংস্কৃত ‘ন্তি' বিভক্তি : ই ল ৩য় পু, বহুবচনৰ বিভক্তি আৰু ওপৰৰ নিয়মে ‘অন্তি হয়। ই প্রাকৃতত অংতে, অংতি আৰু অইৰে হয় আৰু অপভ্রংশত অংতি, অংহি হয়। অংতি’ৰ পৰা পু. অ, অন্তি অন্ত হৈছিল। ‘অংহি’ৰ পৰা অই, অয়, এ (ৱে, য়ে ), এ, ঐ, ই হয় আৰু একবচন বহুবচন উভয়তে চলে (.উদাহৰণ ওপৰত দেখা)। অইৰে'ব পৰাও এ, ঐ, ই হব পাৰে। বৈদিকত অন্তি, স্তি উভয়ে হৈছিল আৰু বহুত ঠাইত কেৱল ‘অতি’ হৈছিল। অতি’ৰ পৰাও এ, ঐ হব পাৰে। | ১। “তৃতীয় মােনুমাঃ।”, হেমচ, ৩১৪৪ আৰু “ইচ্চ মােমূমে ৱা।”, হেমচ, ৩১৫৪ ; যেনে, ভণামমা, ভণামু, ভণাম, ভণিমাে, ভণিমু, ভণিম, ভণমাে, ভণমু, ভণম=স, ভণাম (we speak)। ২। “মধ্যমত্মােহচৌ।”, হেমচ, ৩১৪৩ “ন্তি-হ-থ, মাে-মু-মা-বহুমু।”, ব. ৭৪ ৩। “বহুত্বে হুঃ।”, হেমচ, ৩৩৮৪; ৱিকল্পে অহ হয়। ৪। “হুধাদ্যশ্য স্তিন্তে ইৰে।”, হেমচ, ৩১৪২, ব. ৭৪ ৫। “তাদেৰান্যত্রয় বহুত্বে হিম ন ৱা।”, হেমচ, ৪/৩৮২
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই