পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (has washed the thing already washed ), ইত্যাদি। তেতিয়া হলে ইয়াৰ সংজ্ঞা-শব্দৰ দৰে ৰূপ হয়। যেনে, vহ (to become): ১মা। হােৱা। . ২য়া। হােৱা, হােৱাক ৩। হােৱাৰে, হােৱাইদি ৪র্থ। হােৱালৈ ৫মী। হােৱাৰ পৰা ৬ষ্ঠ। হােৱাৰ ৭মী। হােৱাত অসমীয়া ভাষাত সম্বন্ধ-বাচক সর্বনামৰ (Relative pronoun ৰ). ব্যৱহাৰ অতি কম। তাৰ ঠাইত কৃদন্ত বিশেষণ বা সংজ্ঞা ব্যবহৃত হয়। এই নিয়ম বড়াে ভাষাৰ বিশেষত্ব। বড়াে ভাষাত সম্বন্ধ-বাচক সর্বনামৰ ঠাইত সৰাচৰ নিত্য কৃত ব্যৱহাৰ হয়। কছাৰী ভাষাত তলত লিখা বাক্য, অর্থাৎ কছাৰী-যি মানুষই-খাে আং মিআ মু-দাংমান বি খাইলাংবাই। অস,—যি মানুহটোক মই কালি দেখিছিলাে সি পলাই-গল।। Eng.--whom the man I yesterday saw he has fed away. তেনে বাক্য কছাৰী ভাষাত তলত লিখাৰে কলেহে সুৱলা হয়- কছাৰী-মিআ (নই) মাইআ খালাং-বাই। অসকালি (দেখা) মানুহটো পলাই-গল। Eng-Yesterday (seen) the-man has led away. সেই কথাকে গাৰৰ ভাষাত তলত লিখাৰে কব পাৰি :- গাৰৰ—যে মান্দেখাে আঙা মেজালে নিকা-চিম উআ খাটাভাহা। কিন্তু তলত লিখা দৰে কলেহে সুৱলা হয় - গাৰ-মেজালাে নিকা মালে টাঙাহা। অস, কালি দেখা মানুহ পাল। Eng-Yesterday scan man has led away. এই নিয়ম বড় ভাষাৰ পৰা অসমীয়ালৈ আহিছে। দ্রাবিড়ীতে প্রায়