পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ৰিয়াৰ ৰূপ ২৮৯ লােপ হলে অঅ=আ হয়। আকৌ ‘তৰ আগত প্রাকৃত নিয়মে ‘ই যােগ কৰিলে ‘ইত’ হয়। সংস্কৃততে কেতিয়াবা ‘ত’ৰ আগত এইদৰে ই যােগ হয় আৰু প্ৰত্যয়টো ইত’ হয়। যেনে, স, পতিতম্ (পত ধাতু). প্রা. পড়িং (fallen); স. হসিতম্ (হস ধাতু), প্রা. হসিঅং (laughed); স, পঠিতম (পঠ, ধাতু), প্রা. পঢ়িঅং (read)। তাৰ পিচত ‘তৰ ঠাইত দ (হেমচ, ৪।২৬০ ), প্রা. ড হয় আৰু দ, ডৰ ঠাইত স্বৰ-বিকৃতির নিয়মে ‘ল’ কৰিলে ( $ ১৪৬, ১৫০, ১৫২) অসমীয়াত ইল’ হয়। ডাক্তৰ হৰ্ণলিৰৰ এই মত। ডাক্তৰ কেলােগ আৰু জন বিচে এই মত স্বীকাৰ নকৰে। তেওঁলােকৰ মতে ‘ল’টো সংস্কৃত ‘ক’ ৰ অনুৰূপ এটা পৃথক প্রত্যয়। এই প্রত্যয়টো কি ঠিক জনা নাযায়। উদাহৰণস. ভূত (become ), প্রা, হজ, হিন্দী হুৱা, পু. অস, হুৱা, অস, হােৱা। কিন্তু স. ভৱিত (?), হিন্দী ভইল, পু, অস, ভৈল, হইল, হৈল, অস, হ’ল, বঙ্গালী হইল। ডা. হর্ণ লিৰ মতেই ঠিক বুলি বিশ্বাস হয়। ৩৫৮। কৃদন্ত বিশেষণ ( Participle adjective) কৃৎ, বিশেষকৈ আ-প্রত্যয়ান্ত নিত্য কৃৎ, সচৰাচৰ বিশেষণৰূপে ব্যৱহৃত হয়। যেনে, “তুমি জুজা হে, যুদ্ধচাৱা নহা।” (You are a warrior and not war-seer. )—ভট্টদেৱ। “মৰাক বঢ়ৱা চাউল কয় ভােজন।” (Eats the rice dedicated to the dead.)—দৈত্যাৰি। ৰােৱা ধান (planted paddy), খােৱা ভাত (rice to be eaten ), পিন্ধা কাপােৰ (cloth to be worn ), ভাৰ বােৱা মানুহ (man who carries load ), লৰি অহা ঘােৰা ( horse that comes running ), ইত্যাদি। কেতিয়াবা নিত্য কৃৎ সংজ্ঞা-শব্দৰ দৰেও ব্যৱহৃত হয়। যেনে, ৰােৱা খালে (has eaten trans- planted paddy), মৰাক মাৰিলে (has killed the dead ), খােৱকে ধুলে ১। ডে', হেমচ, ৩১৫৬, বৰ, ৭৩২ “তে পৰতােহত ইং ভৱতি।” হসিং । ২। Hornle: Comp. Gramm, ৪ 808. ৩। Beame's Comp, Gramm, Vol. ill. pp. 196-188; Kellog Hindi Gramm., p. 80.