জিয়াৰ প ২৮ আছে। যেনে, মই যাব লাগি ওলাই আছে; ফুৰিবা যাও। পুৰণি অসমীয়াত ইতে’ প্রত্যয়য়া তুমন্ত বা ক্রিয়ার্থ-ক্রিয়াত প্রয়ােগ হৈছিল। যেনে, | তােমাক জহিতে পাৰ পতিব্রতা শপে।—মা, ক. | ৰাসক্রীড়া কৰিতে কর তৈল মন।শঙ্কৰ। এই ৰূপ কিন্তু অতি বিৰল। বর্তমানত ইয়াৰ চলতি নাই। (ঙ) জিয়া-ক্রিয়াৰ মুল: ডাক্তৰ হৰ্ণলিৰ মতে এই প্রত্যয়ৰ মূল সংস্কৃতৰ কৃৎপ্রত্যয় ‘তব্য। প্রাকৃতত এই প্রত্যয় এঅং বা ইঅং হয় আৰু অপভ্রংশ প্রাকৃতত এবং, এবং বা ইবং হয়। যেনে কর্তব্য প্রা. কৰেঅৱৰং, কৰিৱৰং =অপভ্র, কবিএম, কৰেউম, কৰে। অপভ্রংশ ‘এ’ ৰ পৰা অসমীয়া ইব (ই), অব (অব) হৈছে। যেনে, কৰিব (বা কৰিব), হাঁহিব (বা হাঁহিব), ইত্যাদি। ক্রিয়ার্থ-সংজ্ঞাৰ (gerund ৰ বিষয়ত হলে এই ইব (বা ইব) আৰু অব (বা অবা)ৰ পাচত লৈ (বা লাগি) আৰু পুৰণি অসমীয়া লাগি. বা ক লাগি যােগ হয়। যেনে, কৰিবলৈ (বা কৰিব লাগি ), পুৰণি অস, কৰিবে লাগি বা কৰিবাক লাগি, ইত্যাদি। ভাইক মেৰাইবাক লাগি যুৰিলা উপাই।—মা. ক. | যুজিবাক লাগি ৰাজা কয় আদেশ।—মা. ক. কিন্তু এই প্রত্যয় বৈদিকৰ পৰা অপভ্রংশৰ মাজেদি অসমীয়ালৈ অহা যেন হে অনুমান হয়। বৈদিকত তুমর্থে ‘তৱৈ, তৱেঙ', তৱে আদি ১৫টা প্রত্যয় হয়। যেনে, অষ্টৱে to attain ( অংশ), অত্তৱে to eat ( অ), অৱিতৱে to favour (vঅৱ), অন্তৱে, অস্তৱৈ to throw (Vঅস, এতৱে, এতৱৈ to go ( ই), এষ্টৱৈ to desire ( ইষ), উহিতৱৈ to remove (vউহ), কর্তৱে, কর্তৱৈ to make (Vক), গন্তৱে, | ১। “এচ্চ কৃাতুমতব্যভৱিষৎসু, হেমচ, ৩২৫৭। ক্বাতুমতবােষু ভৱিষৎকাল- ৱিহিতে চ প্রত্যয়ে পৰতােহত একাৰকাৰাদ ইকাৰভৱতি। তব্যহসেব্ব, হসিকা ; কৃ—হসেউণ, হসিউণ; তুম—হসেউম্, হসিউ। ২। ত ই উ এৱৱউ এবাঃ।” হেমচ, ৪৩৮। অপংশে তব্যপ্রত্যয় ইএৱবউ, এবউ, এৱা ইতি এতে ব্রয় আদেশা ভন্তি। ৩। পাণিনি অষ্টাধ্যায়ী, ৩৪া।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই