পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (streaming), খায়তি (!), প্রা. বাড়ই, পাড়েই, অ, ঢালে (pours); স, চিকণ (smooth ), প্রা. চিম্ (হে. ২১১৭৪), অ—চিকিনা (to weed, to clear)। এইদৰে সংস্কৃত আৰু প্ৰাকৃতত নামধাতু সিদ্ধ হয়। প্রাকৃতিক ভাষাবিলাকত নামধাতুৰ চলতি তাতত বেচি। যেনে, অসমীয়া দলি (a clod of earth), দলিয়া (to pelt a clod of earth); গুৰি, গােৰ (heel, ack), গুৰিয়া (to kick); আঙ্গুলি (finger), আলিয়া (to point out with a fingcr); ছাল (skin), ছেলা (to skin, to peel); মেৰ (a loop), মেৰা (to encircle); মুখ (mouth), মােখ (to tie the border.); বােল (colour), বােলা (to paint); পিক (spittle ), পিকা (to spit), ইত্যাদি। ৩৫১। মিশ্রখাতু (Compound roots ) গণ আৰু বাচ্য পৰিবৰ্তনৰ লগে লগে মিশ্ৰধাতুৰে সংস্কৃতৰ সময়তে সৃষ্টি হৈছিল। জটিল আৰু উচ্চাৰণ-কঠিন ধাতুৰ ৰূপ কৰা প্ৰয়াস ত্যাগ কৰিবৰ কাৰণে সর্বসাধাৰণ লােকে সংজ্ঞা, কৃদন্ত আদি শব্দৰ পাচত ক, ভূ, ধা আদি কেইটিমান সচৰাচৰ প্রচলিত ধাতু যােগ কৰি মিশ্ৰধাতু সৃষ্টি কৰিছিল :- | যেনে, স. ভস্মী-কৃ (to reduce to ashes ), তৃণী-কৃ (to make as little as straw), মনসা-ক (to think of ), বিনা-ক (to separate from): চমৎক (to cause surprise), ভস্মীভূ ( to be reduccd to ashes ), বিষয়ী-ভূ ( to form the subject)। অসমীয়াতাে সেইদৰে মিশ্ৰধাতুৰ সৃষ্টি হৈছে ; যেনে, কাষৰ-হ (stand off. ), মজা-দি (to retailiate ), মূৰদোৱা (to salute), মােৰ-ভাঙ, (to remove the tangle), ইত্যাদি। প্রাকৃতৰ সময়তে কিছুমান মিশ্ৰধাতুৰ অংশ এনেকৈ মিহলি হৈ গৈছে যে এতিয়া সিহঁতৰ পৃথক পৃথক অংশত বাহিৰ কৰিব নােৱাৰিয়েই, সিহঁতৰ চিন-মােকামাে ধৰা টান। উভয় অংশ মিলি সিহঁত নতুন একোটা ধাতু হৈছে; যেনে, কে ( frightened suddenly, or surprised ), প্রা. চমকই, চমকেই, স, চমৎক্রিয়তে ( চমৎ+); ফুকায়, ফুৱায় (blows or puffs ), আ. ফুকেই, ফুই, স. ফুৎকৰােতি (ক্ষুৎ+তৃ) (হেমচ, ৪৪২২); চুকায় (ceases, finishes), প্রা. চুই (হেমচ, ৪১৭৭) স, ট্যুৎক্রিয়তে, ইত্যাদি ($ ৪৪)।