পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কৰিলে তুদাদিগণীয় ‘ধূণ ধাতু হয় আৰু তাত বর্তমান কালৰ ৩য় পুৰুষৰ একবচনৰ বিভক্তি ‘এ’ (ই) যােগ কৰিলে ‘ধূণই হয়। অসমীয়াত ই ‘খুন’ ধাতু হয় আৰু বর্তমান ক'লৰ ৩য় পুরুষ একবচনত ‘ধূনে হয়। আকৌ সংস্কৃত ধাদিগণীয় ভূ (to eat) ধাহুত ন’ যােগ কৰিলে ভুজ, আৰু লট তি, তে যােগত দুনতি, দুতক্তে হয়। প্রাকৃতত ‘ন’ ৰক্ষা কৰি আৰু ‘অ' যােগ কৰি ভুজ, ধাতু সিদ্ধ কৰা হয় আৰু বর্তমান কাল ৩য় পুৰুষৰ ১ বচনত ই ‘তুই’ হয়। অসমীয়াত সেইদৰে ভুঞ্জ, ধাতু আৰু বর্তমান কাল ৩য় পূ. ১ বত ভূঞ্জে হয়। সংস্কৃত তনাদি তন্ ধাতু (to spread ), সট তি=তনােতি ; স. তট (to rise), টতি, প্রাকৃত তড়ই, তণই (হেমচ, ৪১১৩৭), অস, তৰে, তনে (তৰ, তন্ ধাতু) হয়। সেইদৰে ক্যাদিগণীয় ক্রী ধাতু (to buy), লট তি =ক্রীতি, প্রা. কিণই (হেমচ, ৪৫২), অস, কিনে ( কিন্ ধাতু)। | (গ) অকল সেইয়ে নহয়। প্রাকৃততে ১০ম গণৰ বিশেষ প্রত্যয়য়া যষ্ঠ গণৰ প্ৰত্যয়ত পৰিণত হােৱা সময়ে সময়ে দেখা যায় অর্থাৎ দশম গণৰ ‘এ’ প্রত্যয় ষষ্ঠ (বা প্রথম গণৰ অ' প্রত্যয় হয় (ব. ৭৫, ৩৩; হেমচ, ৩১৪৯, ১৫৮)। তেনেকৈ আকৌ যষ্ঠ গণৰ ‘অ’ প্রত্যয়াে দশম গণৰ ‘এ’ প্রত্যয়ত পৰিণত হয়। যেনে, স, পঠতি (পঠ, ধাতু he reads), প্রাকৃত পঢ়ই আৰু তাৰ ঠাইত (দশম গণৰ) পঢ়েই হয়; স. পশ্যতি (he sees ), প্রা. পেচ্ছই, পেচ্ছেই; স, হসতি (he laughs) প্রা. হসই, হসেই, হসএ-ষষ্ঠ গণৰ পৰা দশম গণলৈ পৰিবৰ্তন। সেইদৰে দশম গণৰ পৰা ষষ্ঠ গণলৈ পৰিবর্তন—যনে, পাটয়তি (he spits ), প্রা, ফাড়েই হয় আৰু তাৰ ঠাইত ‘ফাড়ই’, ‘ফালই' হয়; স. কথয়তি (he speaks), প্রা. কহেই আৰু তাৰ ঠাইত কহই (হেমচ, ৪২,২৬৭) ইত্যাদি। হিন্দী, বঙ্গালী, অসমীয়া আদি প্রাকৃতিক ভাষাত এই নিয়মে চৰম সীমা পােৱা দেখা যায়। তাত প্রাকৃত যন্ঠ (বা প্রথম) আৰু দশম গণ বুলি যি দুটা গণ। আছিল সিও লােপ হৈ কেৱল এটা অর্থাৎ তুদাদি (বা ভাদি) গণহে থাকিল। | (ঘ) এইদৰে সংস্কৃতৰ ১০টা গণ প্রাকৃতত কেৱল দুটাত পৰিণত হল আৰু প্ৰাকৃতৰ সেই দুটাও গৈ প্রাকৃতিক ভাষাবিলাকত কেৱল এটা গণ হৈ ল। যেনে, অ, হয় বা হৱে (is, exists)=প্রাকৃত হােই, হােৱই, স, ভতি; অ, উপজে বা ওপলে ( is born)= প্রা. উপজেই, স.