২৫৩
(১) ভ্বাদিগণীয় ধাতুৰ উত্তৰ 'শপ্'; যেনে, ভূ+শপ্, (=)+তি = ভৱতি (exists)।
(২) অদাদিগণীয় ” ” 'শপ্'; যেনে, অদ্+শপ্, (= •)+তি = অত্তি (eats)।
(৬) হাদিগণীয় ” ” 'শ্লু'; যেনে, হু+শ্লু: (=দ্বিত্ব) + তি = জুহােতি (sacrifices)।
(৪) দিবাদিগণীয় ” ” 'শ্যন্'; যেনে, দিৱ+শ্যন্ (=)য + তি = দীৱ্যতি (shines)।
(৫) স্বাদিগণীয় ” ” 'শ্নু'; যেনে, সু+শ্নু, (=নু) + তি = সুনােতি (bathes)।
(৬) তুদাদিগণীয় ” ” 'শ'; যেনে, তুদ্+শ (=অ) + তি = তুতি (strikes)।
(৭) ধাদিগণীয় ” ” শ্লম্; যেনে, ৰুধ+শ্নম্ (=ন) + তি -- ৰু+ন+ধ্+তি = ৰুণব্ধি (holds up);
(৮) তনাদিগণীয় ” ” ‘উ’; যেনে, তন্+উ+ তি =তনােতি (spreads)।
(৯) ক্ৰ্যাদিগণীয় ” ” 'শ্না'; যেনে, ক্ৰী+শ্না (=না) =ক্ৰীণাতি (buys)।
(১০) চুদিগণীয় ” ” 'ণিচ্'; যেনে, চুৰ্+ ণিচ, (=ণি =ই=অ (এ))+ তি=চোৰি + তি = চোৰ্ + অ + তি = চোৰয়তি (steals)।
আন কাল অর্থাৎ লিট্, লুঙ্ আদিত গণসৱৰ এই বিশেষ প্রত্যয় নহয়। কেৱল সেই সেই কালৰ বিশেষ প্রত্যয় যােগ হােৱাৰ পাচত শুদা ধাতুতে বিভক্তি যােগ কৰি ধাতুৰ ৰূপ কৰা হয়। যেনে, স. পত্ ধাতু (to fall লিট্ 'অ'=পপাত। প্রাকৃতত কেতিয়াবা সংস্কৃত গণৰ বিশেষ প্রত্যয় যােগ কৰা হয় আৰু এই যােগত লব্ধ পৰিবৰ্তিত ধাতুটোকে এটা মূল ধাতুৰূপে গণ্য কৰি তাৰ সকলাে কালতে ৰূপ কৰা হয়। প্রাকৃতিক ভাষাবিলাকত প্রায় সদা সর্বদা এইদৰে সংস্কৃত গণৰ বিশেষ প্রত্যয় ধাতুটোত ৰক্ষা কৰি আৰু তাকে মূলধাতু স্বৰূপে গণ্য কৰি ৰূপ কৰা হয়। যেনে, অস. কিন্ (to purchase), প্রা. কিণ্, স, ক্ৰী; ইয়াত সংস্কৃত ক্ৰ্যাদিগণীয় ধাতুৰ বিশেষ প্রত্যয় ‘না’ প্রকৃত আৰু অসমীয়া মূল ধাতুত ৰক্ষিত হৈছে। অস. কিনে