সর্বনাম (খ) তির্যক কৃতি (Oblique forms) তির্যক আকৃতিৰ অর্থাৎ আমা’ৰ মূলাে বৈদিক অৰ্ম্ম, সংস্কৃত অম্মা, পালি অহমা-কন, প্রাকৃত অহা আৰু অপভ্রংশ অমূহ-হং। পু. অ, আমাহা, আমাসা অপভ্রংশ অমূহ-ৰ পৰা আৰু পু অ, ‘মােৰা অহাৰ-ৰ ( হেমচ, ৪৪৩৪ ) পৰা ওলাইছে। ৩১০। ওপৰৰ কথাৰ পৰা তির্যক আকৃতি যে ষষ্ঠী বিভক্তিৰ ৰূপ তাক সহজে বুজিব পাৰি। ডাক্তৰ Kellog এই মত স্বীকাৰ কৰে। ডাক্তৰ হর্ণলি কয় যে প্রাকৃতিক ভাষাবিলাকত অস্মন্ শব্দৰ বহুবচনৰ আকৃতি প্রাকৃতৰ ষষ্ঠী বা তির্যক আকৃতিৰ ৰূপান্তৰ মাত্ৰ। প্ৰাকৃতৰ তির্যক আকৃতি এই :-(১) অহ, অহি বা অমূহে; (২) অহাণং ; (৩) অহহং; (৪) অমূহ- হিং বা অমূহইং বা অম্ভ (হেমচ, ৪১৪১২)। এইবিলাকৰ ভিতৰত প্ৰথম | বিধ অর্থাৎ অমূহ, অহি, অমূহে এই তিনিটি প্রাকবৈদিক তির্যক ৰূপ ‘অস্মে’-ৰ ৰূপান্তৰ মাথােন। এইবিধৰ ‘অমূহ আৰু ‘অমূহে প্রাকৃতত সম্বন্ধ পদ, কর্ম, কৰণ আৰু কৰ্তাত ব্যৱহৃত হয় ( হেমচ, ৩১১৪, ১১০, ১০৮, ১০৬) আৰু অমৃহে অপভ্রংশত কর্তা আৰু কৰ্মত প্রয়ােগ হয় ( হেমচ. ৪৩৭৬)। প্রাকৃত আকৃতি অমহি বা অস্মি বাস্তৱিকে বহুবচনৰ তির্যক আকৃতি ‘অমূহে’ বা ‘অস্মে’ৰ ৰূপান্তৰ। কিন্তু প্রাকৃতৰ সময়তে ই একবচনত প্রয়ােগ হৈছিল (হেমচ, ৩১০৫১০৭)। তাৰ পৰা অসমীয়া ‘আমি’ ওলাইছে। কিন্তু বর্তমানত ই বহুবচনত প্রযােজ্য। পুৰণি অসমীয়াত ই উভয় বচনত চলিছিল। ৩১১। প্রাকৃত ঃ যুগ্মদ শব্দ (thou or you) | (Second personal pronoun) ত্রিলিঙ্গ (হেমচন্দ্ৰৰ মতে ; কাত্যায়নে দেখা) বিভক্তি একবচন বহুবচন ১। তং, তুং, তুং, তুহং, তুমং তে, তুঙে, তুমহ, তুন্ত, তুষ হে, উযহে তুঝে, তুমহে ১। Hornle: Comp. Grammer pp. 8-979 430
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই