পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | ‘হে দর্শনীয় অশ্বিনী। সংসাৰত ধন দিওঁ। সুদাসলৈ অল্প আৰু খুন বই আনা। সমুদ্র আৰু আকাশৰ পৰা (দিৱ পৰি’) বহুত শৃহনীয় ধন আমাক দিয়া। | সংস্কৃত বিশেষণ বা সর্বনাম ‘প' (=beyond, further, on the side of, যেনে, ‘মেদেশতঃ পঃ (ম. স. ২৩) বােপকৰ অসমীয়া ‘পৰা ৰ মূল নহয়। পৰ শব্দ সপ্তমীৰ একবচনত সংস্কৃত পৰে আৰু অপভ্রংশ প্রাকৃতত পৰি হয়। তাৰপৰা পাঞ্জাবী ৫মীৰ চিন ‘পৰে আৰু সিন্ধী ৫মীৰ চিন পৰা আৰু অসমীয়া পঞ্চমী বিভক্তি ‘পৰা ওলােৱা অসম্ভৱ নহয়। কিন্তু সংস্কৃত ‘পৰ শব্দৰ পৰা ৫মীৰ অৰ্থ পােৱা নাযায়। সেই দেখি অসমীয়া পৰা ইয়াৰ পৰা আহা নাই যেন লাগে। সংস্কৃত ‘পৰ' (=upon or place denoting relative position) হিন্দী ৭মী বিভক্তিৰ চিন। ইত্যাদি কাৰণে ওপৰত দিয়াটো মূল বুলি বিশ্বাস জন্মে। ‘পৰা ৰ মূল বাস্তৱিকে ইৰাণী ‘পৰা’ ( =from) আৰু ইৰাণীত ই অপাদানৰ বিভজিপে যােগ হয়। যেনে, জেও-পৰা কৱহমা নেৰে (away from any man)। | পৰা বিভক্তি যােগ হোৱাৰ আগেয়ে সংজ্ঞা-শব্দৰ পাচত ‘ৰ' যোগ হয়। এই ‘ৰ বস্ত্র বিভক্তিৰ চিন। ওপৰত কৈ অহা হৈছে যে শব্দৰ তির্যক আকৃতি ৬ষ্ঠ বিভক্তি ভিন্ন আন একো নহয় আৰু শব্দৰ যিক আকৃতিৰ পাচত হে বিভক্তি যােগ হয়। তির্যক আকৃতিত যেনেকৈ বিভক্তি যােগ হয় তেনেকৈ যষ্ঠিৰ পাচতে বিভক্তি যােগ হয়। ইয়াত কেৱল প্রভেদ এই যে অতি পুৰণি কালত যােগ হােৱা বিভক্তি তির্যক আকৃতিৰ পিচত বহিছিল কিন্তু পৰবৰ্তী কালত যষ্ঠ্যন্ত পদৰ পাচতহে বিভক্তি যােগ কৰা হৈছিল। ইয়াৰ মূল বোধকৰৰ কছাৰী ৫মী বিভক্তি ফাই’ (from) নহয়। কছাৰী ‘ফ্রাই’ যােগ হলে তাৰ আগত যষ্ঠ বিভক্তি ‘নি’ বহে অর্থাৎ নিফ্রাই’ হয়। যেনে, মু (house), মুনি-ফ্রাই (from the house= ঘৰ-ৰ-পৰা)। কিন্তু আন বডডা বাত এই বিভক্তি অন্যরূপ। যেনে, ভুটীয়া ‘লে’, গাৰৰ ‘অনিকো’, চুটীয়া মপি। ১। হেমচ, ৩৩০; cf, also হেমচ, ৩৮; এ. মৰিতাউং পবিস মর্তব্যং পৰি। ২। Damesteter: Sacred Books of the Eat, vol. I, p. 268.