১৭০ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (১০) মূল্য-বােধক (Locative of price)—যেনে, এটকাত চাৰি দোণ ধান। | (১১) যােগ-বােধক (Locative of addition)-যেনে, সি দিনে দিনে শুকাই গৈছে। (১২) কর্ম-বােধক (Locative of object)—যেনে, মােত দয়া নেলিব।। কেতিয়াবা ৭মী লােপ হয় ; যেনে, মই সেই সময় ঘৰত নাছিলাে। ২৬:৬। সম্বােধন-পদ (Vocative case) ই এটা কাৰক নহয়। ইয়াত কোনো বিভক্তিও যােগ নহয়। কেবল সম্বোধনত ইয়াৰ ব্যৱহাৰ হয় আৰু শব্দৰ আগত হে, হেৰা, হেৰি ইত্যাদি অবায় বহে। যেনে, হে ৰাম; হেৰা ৰাম, ইত্যাদি। ২৬৭। বিভক্তিৰ মুল (Origin and derivation of case-afixes ) | ভাষাতত্ত্ববিদ পণ্ডিত মেক্সমুলাৰে কয় যে আদিতে সকলো আর্য-ভাষাত এটি মাত্র কাৰক আছিল ; সি অধিকৰণ। বর্তমানতাে পৃথিবীৰ কোনাে কোনো ভাষাত কেৱল একেটা কাৰক। তাৰ অর্থ স্থানীয় বা সি বাস্তৱিকে অধিকরণ কারক। ইংৰাজীত সম্বন্ধ পদক লৈ কেৱল তিনিটা কাৰক। উক্ত পণ্ডিতৰ মতে অতি আদিম সংস্কৃত বা আদি বৈদিক ভাষাত এটা হে কাৰক আছিল,-~-অধিকৰণ! যি সমাজত প্রথমে অতি আদিম প্রাকৃবৈদিক ভাষা বধিত হৈছিল আৰু পৰিপুষ্টি লাভ কৰিছিল সেই সমাজৰ লােকে আদিতে ৫৯, সম্প্রদান আদি কাৰকৰ ব্যৱহাৰ নাজানিছিল। বস্তুৰ গুণ, দোষ, অৱস্থা আদি ভাব ভাষাৰ আদিতে জাতি বা দ্রব্য মাত্র আছিল। কাৰকবিলাকে যি যি অর্থ প্রকাশ বা অভাৱ পূৰণ কৰে আদিতে সিবিলাক কেৱল স্থানীয় সম্বন্ধ বা বস্তু আছিল। আদিম সভ্য জাতিৰ মানুহে ‘ভাৰতৰ ৰজা বুলি মনৰ ভাব ব্যক্ত কৰিব খােজেঁতে বাস্তৱিকে ‘ভাৰতত ৰজা-এনে বুলি কৈছিল। অৱস্থা বা সম্বন্ধ বুজুৱা ভাব (যেনে, সম্বন্ধ পদ) তেতিয়া তেওঁলোকৰ ভাষাত সােমােৱা নাছিল। অধিকৰণ কাৰকে বা স্থানৰ ভাবে অাদিতে সকলাে কাৰকৰ কাম চলাইছিল। শেষত অধিকৰণ কাৰকৰ পৰাই অন ৬টা কাৰকৰ উৎপত্তি হৈছিল। যেনে, ‘কুকুৰটোক কো--এই কথা ১! Max Muller: Science of Language, vol. I, pp. 341-832.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই