পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | ২৬৪। স প (Genitive case) যাৰ লগত সম্বন্ধ তাক সৰ পদ বােলা যায়। সম্বন্ধ পদত যষ্ঠ বিভক্তি হয়। তলত লিখা অর্থত সাধাৰণত সম্বন্ধ পদ ব্যবহৃত হয় :- | (১) সম্বন্ধ-বােধক (Genitive of relationship)যেনে, তােমাৰ ভাই। | (২) অধিকাৰ-বােধক (Genitive of possession)—যেনে, ৰামৰ হাতী। (৩) সজুলিবােধক (Genitive of material)—যেনে, সুবৰ্ণৰ খাটিকামি মাণিকৰ কৱা'। লগাই আছে হীৰাৰ কপাট।'—শঙ্কৰ। (৪) উৎপত্তি বােধক (Genitive of origin)—যেনে, কাউৰীৰ কা কা ৰব; শিয়ালৰ খেকখেকি; জন্মৰ পাপ; বৰ্ষণৰ পানী; বন্দুকৰ আওৱাজ ; পৰতৰ জুই। | (৫) কাৰণ-বােধক (Genitive of cause)—যেনে, কামৰ ভাগৰ ; প্রৱাসৰ দুখ ; ভাঙৰ নিছা। | (৬) স্থান-বােধক (Genitive of place)-যেনে, কামৰূপৰ কামাখ্যা; নৰকৰ কীট ; স্বৰ্গৰ তাৰা। (৭) বয়স-বােধক (Genitive of age)যেনে, পাঁচ বছৰৰ ল’ৰা ; পােন্ধৰ বছৰৰ ঘৰ। (৮) গুণবােধক (Genitive of quality)—যেনে, নানা তৰহৰ বস্তু; সুখৰ বাতৰি। (৯) ব্যৱহাৰ-বােধক (Genitive of use)—যেনে, উড়িবৰ কাপােৰ; হাতৰ লাখুটি। (১০) কর্তা-বােধক (Subjective genitive)—যেনে, শঙ্কৰৰ ধৰ্ম ; উইৰ মাটি। (১১) কর্ম-বােধক (Objective genitive)—যেনে, তােমাৰ আশাত বন্দী হলাে; য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়। | (১২) কৰণ-বােধক (Instrumental genitive)—যেনে, মােৰ দত্ত ফল; কলৰ কাপােৰ। (১৩) তুলনার্থক (Genitive of comparision)-যেনে, মধুৰৰ সুমধুৰ।