পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পাটলিপুত্ৰকো চলিয়ে)। সম্প্ৰদানাে হয়; যেনে, পাটলিপুত্ৰলৈ চলক। কিন্তু এনে মূলত সংস্কৃতত হলে কর্মকাৰকতে দ্বিতীয়া আৰু চতুর্থী দুয়াে বিভক্তি বিধান কৰিছে। (ঘ) দ্বিকর্মক ক্রিয়া (Verbs with two accusatives) বহুত ক্ৰিয়াৰ দুটা কর্ম থাকে। এনে ক্রিয়া দুবিধ—(১). পাচনী ক্ৰিয়া আৰু (২) যাচ, শােধ, ক, শাস, জি, ধ, নি, বহ, হৰ, গ্রহ, কৰ, পাত, ভাব, আদি দ্বিকর্মক ধাতু। ওপৰত উক্ত নিয়মে জ্ঞানী জীবাচক শব্দ বা সর্বনামৰ লগত ‘ক’ যােগ হয়; কিন্তু আন কর্মটোত প্ৰায়ে ‘ক’ যােগ নহয়। যেনে, মই তাক ভাত খুৱালাে; সম্রাটে দুখীয়াক ধন যাচিছে ; সি তাক প্রশ্ন সুধিছিল ; দাকে কৃষ্ণক প্রভাষক নিছিল ; সীতাক ৰামক দিবা পুৰি মনােৰথ।মা. দে। পূর্বে এক বৰ দিয়া আছাহা আমাক। ভক্তি দেখি আৰু বৰ দিবে খােজা মােক। মা. দে.। ২৬১। কৰা কাৰক (Instrumental case) যাৰ দ্বাৰা ক্রিয়া নিম্পন্ন হয় তাৰ নাম কৰণ। কৰণ কাৰকত তৃতীয়া বিভক্তি হয়; যেনে, কটাৰীৰে তামােল কাটিলে; ‘নাযাইবেক তল সেতু বান্ধিয়াে পাথৰে।-মা, ক.; মুখ দিয়া হুপিয়া কৰােক পুঁজ বাজ।’-মা, দে ; জ্ঞান দ্বাৰায়ে মােঙ্গ লভিবা।—ভট্ট, দে; হাতেদি নাজানাে তাল যে মন্দিৰা, মুখেদি নাজানাে গীত।-মনকৰ; ইত্যাদি। ২৬২। সম্প্রদান কাৰক (Dative case) যাক দান কৰা যায় বা যাৰ উদ্দেশ্যে কোনাে কাম কৰা যায় তাৰ নাম সম্প্রদান। সম্প্রদান কাৰকত চতুর্থ বিভক্তি হয়; যেনে, সি ইষ্টদেৱতাক পুস্পাঞ্জলি দিছে ; ব্রাহ্মণলৈ দক্ষিণা দিয়া; তাক লাগি বাট চাবা; ব্রাহ্মণক লাগি গৃহ সজাইল অপাৰ।-শঙ্কৰ দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্যক।-শঙ্কৰ সম্প্রদান কাৰক তলত লিখা অৰ্থত ব্যবহৃত হয়। (১) কর্মবােধক (Objective dative)-যেনে, বলমে সকলােকে আশাভসা দি আছিল।