পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব আগেয়ে বহুবচনৰ প্রত্যয় যােগ কৰি লৈ তাৰ পিচত হে বিভক্তি Post- position) যােগ কৰিব লাগে। বহুবচনত সমার্থত সকল, লােক, তুর্থত বােৰ, হঁত, গিলা আৰু উভয়তে বিলাক, সৱ আদি বহুবচনৰ প্রত্যয় যােগ হয়। | কোনাে কোনাে বৈয়াকৰণিকে ক, লৈ, ব, আৰু ৰ আগত অ-যােগ কৰি অক, অলৈ, অৰ, আৰু অত, বিভক্তি আৰু ৰে আৰু দি-ৰ আগত এ-যােগ কৰি এৰে আৰু এদি বিভক্তি কৰে। কিন্তু অক, অলৈ আদিৰ আদি অ’ আর্থিক ‘অ’ ( =ক) প্রত্যয় আৰু এৰে, এদি-ৰ আদি ‘এ’ তৃতীয়া বিভক্তি ‘এ’। আকৌ, ব্যঞ্জনান্ত প্রাতিপদিকৰ পাচত যেনেকৈ কু, লৈ আদিৰ আগত অ যােগ কৰিব লাগে তেনেকৈ স্বৰান্ত প্রাদিপদিক পাচত অ, অলৈ আদি বিভক্তিৰ অ' লােপ কৰিব লাগে। সেই দেখি বিভক্তিৰ এই উভয়বিধ আকৃতিকে আমি শুদ্ধ বুলি ভাবে। (খ) ফুল (Origin and Derivation)। এইদৰে বিভক্তি যোগ কৰাৰ নিয়ম দ্রাবিড়ী আৰু বড়াে ভাষাৰ বিশেষত্ব। সংস্কৃত একবচন আৰু বহুবচনৰ বিভক্তি পৃথক পৃথক। যেনে, স নৰ (a man), নৰাঃ (men): নৰেণ (by a man), নবৈঃ (by men ), ইত্যাদি। কিন্তু তীব্বতীয় বা বড়াে আৰু দ্রাবিড়ী ভাষাত উভয় বচনতে বিভক্তি একে। কেৱল একবচনৰ বিভক্তি প্রাতিপদিকত আৰু বহুবচনৰ বিভক্তি বহুবচনৰ প্ৰত্যয়ৰ পাচত যােগ হয় যেনে, একবচন প্রথমা। তৃতীয়। যষ্ঠী। তীব্বতীয় :- বড়ো :- কছাৰী- চুটিয়া- ভুটিয়া- -জাং নছি -মাং ছি-গ নূনি। ননি। -য়ে। ডিগি। ছিন্ । দ্রাবিড়ী :- তামিল- মানেই মানেই-ই । অসমীয়া English মানেই-না যৰেৰে by a house; a house: of a house: