পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সাতােটা বিভক্তি আকৌ পােৱা গ'ল। এতিয়া আমি পাইছে ($২৪০ ) যে অপভ্রংশ প্রাকৃতত যষ্ঠৰ আকৃতি কেইবাটাও, অর্থাৎ একবচনত ‘হাে’ ‘হে আৰু বহুবচনত ‘হম ‘হি আৰু ‘হুম। এই নিমিত্তে প্রাকৃতিক ভাষাত কেইবাটাও তির্যক আকৃতি ৰক্ষিত হৈছে। অসমীয়াত এই আকৃতি তিনি বিধ -১) অই ( =এ), ইই ( =ঈ বা ই), উই; (২) অ (নাই ), ইএ, ইএ (অর্থাৎ অহে, ইহে, উহে) আৰু (৩) অ, ই, উ। যেনে, (১) পাই, লতাই, নাৰায়ণে; লক্ষ্মী বা লক্ষ্মীই, শিশুই ; (২) লক্ষ্মীয়ে (লক্ষ্মী), শিশুৱে (=শিশু); (৩) ঘৰ-ক, কালী-ক। এই তিনি আকৃতিৰ এটাহে সাধাৰণতঃ সাধাৰণ তির্যক আকৃতি (অর্থাৎ বিভক্তি যােগ কৰিবৰ কাৰণে লােৱা আকৃতি) ৰূপে ব্যৱহৃত হয়। আন দুটা আকৃতি এক বা তততধিক বিভক্তিৰ বিশেষ আকৃতিৰূপে ব্যৱহৃত হয় আৰু এই বিশেষ আকৃতিৰ পিv৩ সচৰাচৰ আৰু আন কোনাে চিন যােগ নহয়। অসমীয়াত ‘এ’টো বিশেষ তির্যক আকৃতি আৰু ই কর্তা, কৰণ আৰু অধিকৰণ কাৰকত ( অর্থাৎ প্রথমা, তৃতীয়া আৰু সপ্তমী বিভক্তিত) ব্যৱহৃত হয়। যেনে, ‘শুনিলন্ত হৰে পাচে কথা বিপৰীত।', শঙ্কৰ ‘দুঃশাসন হিয়া কুঠাৰে চিৰে।’, শঙ্কৰ ‘গলে বনমালা শােভে কৌস্তুভ কণ্ঠত।’, শঙ্কৰ ‘পুতি থৈলে প্রতিমাক বালুকায় ঢাকি।', শঙ্কৰ ‘ক্রোধে বুলিলন্ত লক্ষ্মী শাপি।, শঙ্কৰ। ‘আপােনাৰে মাৰ্গক চেলেকে নিজ মুই।, দৈত্যাৰি | সেইদৰে,পাই, সেই নামে মানুহ, এই বিষয়ে কৈছে, ইত্যাদি। দ্বিতীয় বিধ আকৃতি কেবল কর্তাত ব্যৱহৃত হয়। যেনে, মতিয়ে, শিশুৱে। তৃতীয় বিধ চিন অ, ই, উ (অর্থাৎ হু) আন বিভক্তিৰ তির্যক আকৃতিৰূপে ব্যৱহৃত হয়। যেনে, ৰাম-ক, মতিক, শিশুক। কেতিয়াবা এই আকৃতি কাতাে চলে। যেনে, ৰাম গল ( Ram has gone)মতি আহিল (Mati has come ), শিশু উঠিল (the child has awaken ), ইত্যাদি। অ, ই, উ ( অর্থাৎ অকাৰান্ত, ইকাৰান্ত আৰু উকাৰান্ত শব্দ) বুলিলে আ, ঈ, উ-কো ধৰিব লাগে। ইয়াত অ, আ-ৰ সলনি অ; ই, ঈ, এ, ঐ- সলনি ই আৰু উ উ, ও, ঔৰ সলনি উ ধৰা হৈছে। ২৪৩। পুৰণি কালত তির্যক আকৃতি (যেনে, এ) যেনেকৈ ষষ্ঠ বিভক্তিৰ