১৪: অসমীয়া ব্যাকৰণ আৰু ভাৰাত প্রাচীন বিভক্তিৰ পৰা হ, হুম্ আদি ওলােৱা সম্ভৱ। সি যিকি নহওক হুম’ৰ ই অসমীয়াত লােপ নহল। ই পুৰণি অসমীয়ত হে হৈছিল আৰু বর্তমানত হু হৈছে। যেনে, তা-হুন (they ), সখিহন (friends), চিদা- হন (Chida and others)। ২৩২। আহা : ওপৰত আমি পাই আহিছে (৪২৩১) যে সংস্কৃত ৬ষ্ঠ বিভক্তিৰ বহুৱচন নাম মাগধী প্রাকৃতত ‘আই’ হয়। ইয়াৰ পৰা অসমীয়া ‘আহা তির্যক বহুবচনৰ চিন (oblique plural termination) হৈ ওলাইছে। যেনে, ৰামআহ (Ram and others ), সখিআহ (friends)। পুৰণি অসমীয়াত আহাৰ বহুল প্রয়ােগ আছিল। যেনে, সবাহাঙ্ক আজি | দ্বাৰকাক নিবাে ছাইবাে মাৱৰ শােক। শঙ্কৰ।। বাপাহাৰ মিত্র মঞি হুয়াে পৰিচয়। মা. ক.। সিকাৰণে দুইহান মিলাইলা হৰগৌৰী। দুর্গাবৰ। ‘খুটিয়াতে দশন ভাঙ্গিল সৱেহাৰ। হে. স.। (ক) আহ, তাহা আদিৰ লগত এই আহাৰ সম্বন্ধ নাই। আহা (these men), তাহা (those persons ) আদি সংস্কৃত আসাম্ (বা এষা ), তাসাম (বা তেষা) আদিৰ অসমীয়া আকৃতি। পুৰণি অসমীয়াত তেনে শব্দৰ প্ৰচলন আছিল। যেনে, ‘মৰিল তনয় মােৰ আহাৰেসে দোষে। শঙ্কৰ। পৃথিবীত নাহি ৰা তাহান সমান। শঙ্কৰ। প্রশান্ত পুৰুষ আনন্দময়। তাহান্তো তােমৰা কৰা সংশয় শঙ্ক। কহে এৱে হৰি প্ৰকাশৰ যেনে ফল। শ্ৰৱণ-কীৰ্ত্তন কৰে যাহা সকল। তাহাৰ চিত্তত আসি প্ৰৱেশি অনন্ত। স্ববাসনা নিঃশেষে দুঃখক সংহৰন্ত। মা, দে। (খ) আহ’ৰ হ লােপ হলে কেতিয়াবা ‘আঁ' হয় আৰু সন্ধিৰ নিয়মে ১ আছো তাহঃ । হেমচ, ••।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই