পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্যা। সংজ্ঞাশৰ (Noun)। বচন (Number) ২২২। বচন (Number): অসমীয়া ভাষাত দুটা বচন আছে,একবচন (singular number) আৰু বহুবচন (plural number)। এটা বস্তু বুজালে একবচন আৰু তাতকৈ বেছি বন্তু বুজালে বহুবচন হয়। যেনে, মানুহ man (একবচন), মানুহবিলাক men (বহুবচন)। ২২৩। মুল (Derivation): সংস্কৃতত তিনিটা বচন,-একবচন, ৮ি বচন আৰু বহুবচন। সংজ্ঞাশৰে এটা বস্তু বুজালে একবচন, দুটা বন্তু বুজালে দ্বিবচন আৰু তাতকৈ বেচি বন্তু বুজালে বহুবচন হয়। বৈদিকত দ্বিবচন বিকল্পে হয় অর্থাৎ যত সংস্কৃতত দ্বিবচন হয় তেনে ঠাইত বৈদিকত বিবচন বা বহুবচন হয়। যেনে, বৈ. উভা যন্ত=স. উভৌ যন্তৰে (both governors or drivers); উভা দেৱা both aspects of God (cf. ‘উ দেৱা দিৱিস্পৃশেৱায়ু হৱামহে =we invoke Indra-Vayoo, the twofold arpects of God, residing in heaven, ঋক্, ১২৩২)। প্রাকৃতত বিবচন তেনেই লােপ পালে । যেনে, প্রা. ‘দোহি বাহুহি বেঢ়ন্তি দশ হা পৰােৰং =স, দাভ্যাং হুভ্যাং ৱেষ্টতে দম্পতী হা পৰস্পৰম্ (the man and the wife clasp each other with both hands)=অ. দুই বাহৰে বেঢ়ে, ইত্যাদি। প্রাকৃত নিয়মে অসমীয়াত দ্বিবচন নাই। সেই দেখি অসমীয়াত বচন দুটি। ২২৪। মৌলিক আৰু যৌগিক বহুবচন (Simple and compound purus). অসমীয়া বহুবচন তিনি কমে নিদিষ্ট হয়। (১) সংজ্ঞা শব্দৰ পাচত সৱ, সকল, জাক, গণ, বিলাক, গিলা, বােৰ, লােক, মান, মখা, বৃন্দ, নিকৰ, খান, আদি শব্দ যােগ কৰি সচৰাচৰ বহুবচন • চিনে বচন-কাত্যায়ন ৫১৬, বৰ ৫৬৩ ‘চিন বহনম'। হেমচ, ৩১৩