পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব দীলিঙ্গ। তেনে শব্দৰ পাচত বা আগত পুৰুষ বা স্ত্রীবাচক আন শব্দ যােগ কৰি তাৰ লিঙ্গ নির্দেশ কৰা হয়। অসমীয়াতত তাৰ অনুকৰণে দেশজ আৰু বহুত তদ্ভৱ শৰৰ লিঙ্গ নির্ণয় কৰা হয় ( ২২০ )। ২১৫। আকৃতিভেদে লিঙ্গভেদ (Gender according to terminations ):-- | সংস্কৃতৰ দৰে আকৃতিভেদে অসমীয়া শব্দৰ লিঙ্গ ঠিক কৰা টান। অন্ত্য বৰ্ণৰ আকৃতিৰপৰা অনেক ঠাইত সংস্কৃত শব্দৰ লিঙ্গ ঠিক কৰিব পাৰি। অসমীয়াত কেৱল তৎসম শব্দৰ বিষয়েহে এই নিয়ম কিছু পৰিমাণে খাটে। তথাপি মােটামুটিভাৱে কব পাৰি যে অকাৰান্ত আৰু আকাৰান্ত প্রায় সকলাে তদ্ভৱ শব্দ পুল্লিঙ্গ। আমি ইয়াত ক্লীবলিঙ্গকে পুলিঙ্গৰ ভিতৰত ধৰিছে, কিয়নাে তাৰ আকৃতি পৃথক নহয়। ঈকাৰান্ত অসমীয়া শব্দৰ যদি অকাৰান্ত বা আকাৰান্ত পুল্লিঙ্গ শব্দ থাকে তেন্তে সেই ঈকাৰান্ত শব্দ স্ত্রীলিঙ্গ। ইয়াত বাদে সাধাৰণ নিয়ম দিয়া সম্ভৱ নহয়, কিয়নাে সংস্কৃতৰপৰা অসমীয়ালৈ শব্দ নামােতে শেষ স্বৰৰ নানা ৰকমৰ পৰিবর্তন ঘটে ($$ ১১১- ১৩৭)। এই কথা পাহৰিব নালাগে যে প্রাকৃততে, বিশেষকৈ অপভ্রংশত লিঙ্গ-বিপর্যয় ঘটিছিল। | (ক) প্রাবৃট, শৰ, তৰণি আদি সংস্কৃত স্ত্রীলিঙ্গ শব্দ প্রাকৃতত পুল্লিঙ্গ হয়। প্রাবৃট rainy season, প্রা. পাউসাে; শৰ autumn, প্রা. সৰও: তৰণি boat, raft, প্রা. তৰণী, অ, তৰণি (হে. ১৩১)। | (খ) দামন, শিৰ আৰু নভস্ ভিন্ন সকান্ত আৰু নাৰান্ত সংস্কৃত জীৱলিঙ্গ শব্দ প্রাকৃতত পুল্লিঙ্গ হয় ( হেমচ, ১৩২)। সান্ত-যেনে, যশস্ fame, glory, প্রা. জসসা, অ, যশ ; স. তম darkness, প্রা. তমাে, অ, তম; স, তেজস্ essential nature of anything, semen, প্রা. তেও, অ, তেজ (blood); স. পয়সূ milk, প্রা. পও, অ, পয়। নান্ত—যেনে, স, জন্ম birth, প্রা, জমাে, অ, জন্ম, জনম ; স, নর্ম amusement, amorous pastime or sport, প্রা, নম্মাে, অ, নাম (যেনে, হুচৰি-নাম ); স, মর্মন্ the tender part of the body, প্রা. মমম্মা, অ. মৰম (affection)। সংস্কৃত =প্রাকৃত ‘ও-পুল্লিঙ্গ। • “লিমজা। হেমচ, ৪৪৪৫। এত ব্যভিচাৰী।