পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ আধ্যা সংজ্ঞা শব্দ (Noun) লিঙ্গ (Gender) ২১১। সংজ্ঞা শব্দ বা বিশেষ্য (Noun) জাতি, দ্রব্য, গুণ, নাম আৰু ক্ৰিয়ামাত্ৰবােধক শব্দৰ নাম সংজ্ঞা। স্ত্রীলিঙ্গ চিন, বিভক্তি, কৃৎ আৰু তদ্ধিত,—এইবিলাক প্রতায় (suffix)। প্রত্যয় যােগ হলে সংজ্ঞা শব্দৰ আকৃতি লৰচৰ হয়। বিভক্তিৰ দ্বাৰা লৰচৰ হলে তাক পদ বােলে ( $ ৪১০)। ২১২। লিঙ্গ (Gender) বাস্তৱিকে অসমীয়া ভাষাত লিঙ্গ দুটা হে,—পুংলিঙ্গ (masculine) আৰু স্ত্রীলিঙ্গ (feminine)। অচেতন পদার্থ বা যাৰ পুৰুষ-স্ত্রী চিনিব নােৱাৰি তেনে প্রাণীক ক্লীবলিঙ্গত (neuter gender) ধৰা হয়। কিন্তু সেই বস্তু বুজুৱা শব্দৰ কোনাে বিশেষ আকৃতি নাই আৰু বেলেগ ৰূপাে নাই। পুংলিঙ্গৰ আকৃতিয়ে তাৰ আকৃতি আৰু পুংলিঙ্গৰ ৰূপেই তাৰৰ ৰূপ। সাধাৰণতঃ সংস্কৃত লিঙ্গই তৎসম অসমীয়া শব্দৰৰ লিঙ্গ হয়। এই নিয়মৰ ব্যতিক্রমাে ঘটে। তদ্ভৱ শব্দৰ দুই কমে লিঙ্গভেদ হয়-(১) অর্থগত আৰু (২) আকৃতিগত। ২১৩। অর্থভেদে লিঙ্গভেদ (Gender according to signification) বহুত শব্দৰ জাতি, গুণ বা অৱস্থাৰ পৰা লিঙ্গ নির্দিষ্ট হয়। প্রথমত, তলত লিখা বিশেষত্বৰ শব্দ পুংলিঙ্গ হয়, অর্থাৎ (১) পুৰুষ জাতিৰ নাম, যেনে-ৰাক্ষস (demon ), বােন্দা (male cat), ইত্যাদি। (২) বছৰ, মাহ বা দিনৰ নাম, যেনে-মাঘ, জেঠ, শুক্র, বুধ, ইত্যাদি। (৩) পর্বত, সাগৰ আৰু ডাঙৰ বিলৰ নাম। (ক) পর্বত,—হিমালয়, শিঙ্গৰি, কেদাৰেশ্বৰ, ভৈৰব, হাতীমূৰা, ৰাঘৰ,