পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ-বিকৃতিৰ সাধাৰণ নিয়ম ৭৫ name of a month, স. জ্যৈষ্ঠ ; চেষ্টা cold, স. শৈত্যং, ইত্যাদি। অসমীয়াত হলে ঐকাৰ আৰু ঔকাৰৰ ব্যৱহাৰ আছে। যেনে, দৈ curd, স, দধি ; কাকৈ a comb, স, কঙ্কতী, কঙ্কতিক ; মৌ honey; স. মধু ; ইত্যাদি। পালিৰ কথাও প্রাকৃতৰ দৰে। যেনে, পা, ৱে, স. ৰৈ (certainly; কাচ্চা, $ ২৩৯ ); ৱেসালি, স, বৈশালি (a city on the Gandak; কাচ্চা, p. 205 ); পা. ওস, স. ঔৰস, (son; কাচ্চা $ ৪১) বা স, ঔৰস্ক (excellent, best)। (আ) ওচৰা-ওচৰি একাধিক স্বৰ (Vowels in contact) সন্ধিৰ নিয়মত দিয়া হৈছে ( $s ৬৪-৭৯) (ঘ) পদমধ্যৱর্তী ব্যঞ্জনৰ পৰিবর্তন (Changes of Medial Consonants) (অ) এক ব্যঞ্জন (Single Consonants ) ১৩৮। স্বৰ-বিকৃতি (Phonetic changes ):বর্ণ মাত্ৰৰে উচ্চাৰণ শ্রম-সাধ্য। কোনােৱে তেজস্বী, তীক্ষ্ণ আৰু স্পষ্ট উচ্চাৰণ কৰে আৰু কোনােৱে নিস্তেজ, নির্জীৱ, অনিশ্চিত আৰু অস্পষ্ট উচ্চাৰণ কৰে। মানুহে প্ৰতিটো স্বৰ আৰু ব্যঞ্জনৰ প্ৰকৃত উচ্চাৰণ কৰিবলৈ অৱহেলা কৰাৰ কাৰণে স্বৰ-বিকৃতি ঘটে। যেতিয়া মানুহে শ্বাস আৰু মাংসপেশীৰ শক্তি কম কৰি প্রয়ােগ কৰিব বিচাৰে আৰু তেনে কৰােতে কোনাে বৰ্ণৰ ওপৰত বেছি ভিৰ দি বাকী বর্ণৰ বা স্বৰৰ উচ্চাৰণ নকৰি তাক চেৰাই চলি যায় তেতিয়াই স্বৰৰ বিকৃতি ঘটে। ভিন ভিন জাতিৰ মানুহে ভিন ভিন কমে বৰ্ণৰ বিকৃতি ঘটায়। | ১৩৯। সংস্কৃতৰ পৰা প্ৰাকৃতলৈ শব্দ নামােতে কিছুমান নিয়মে স্বৰ- বিকৃতি ঘটিছিল। সেই নিয়মৰাশি কাত্যায়ন, বৰচি, হেমচন্দ্র, মার্কণ্ডেয় আদি প্রাকৃত বৈয়াকৰণিকসকলে লিপিবদ্ধ কৰি থৈ গৈছে। আমি বিস্তৃত আলােচনা কৰাৰ আগেয়ে তলত লিখা নিয়মে প্রাকৃত আৰু অসমীয়াত সংস্কৃত বৰ্ণৰ বিকৃতি ঘটে বুলি কব পাৰোঁ। প্রাকৃত বুলিলে মহাৰাষ্ট্র- শৌসেনী (বা Prakrt par excellence) বুজিব লাগিব। এই নিয়ম শব্দৰ