পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব আৰু ত, থ পাছত থাকিলে ‘স' হয়। যেনে—নিঃ+ চিন্ত = নিশ্চিন্ত, ধনুঃ + টঙ্কাৰ = ধনুষ্টকাৰ, মনঃ+ তাপ= মনস্তাপ, ইত্যাদি। | ৫১। ক, খ, প, ফ পাছত থাকিলে ইকাৰ বা উকাৰৰ পাছত থকা বিসৰ্গৰ ঠাইত ব’ হয়। যেনে—নিঃ + কন্টক =নিষ্কণ্টক, নিঃ+পাপ= নিস্পাপ, ইত্যাদি। | ৫২। “অ বা সম্বৰনাদঘােষ বৰ্ণৰ আগত থকা “অসৰ ঠাইত ও হয়; যেনে—মন+ হৰ= মনােহৰ, ৰজ+ গুণ =ৰজোগুণ, ইত্যাদি। ৫৩। অ, আ ভিন্ন স্বৰৰ পাছত থকা স’, স্বৰবৰ্ণ বা ৰ’ ভিন্ন সম্বৰনাদঘােষ বৰ্ণৰ আগত বহিলে সি ৰ' হয় ; যেনে—দু+মতি=দুর্মতি, নিস+ আকাৰ = নিৰাকাৰ, ইত্যাদি। ৫৪। ণত্ব (Change of dental n to carebran) ঋ, এ, য, এই তিনি বর্ণৰ পাছত থকা ন”, “স্বৰবৰ্ণ, ণ, ম, য, আৰু ” ৰ আগত বহিলে ‘ণ হয়। ন’ আৰু ‘ঋ, ৰ, য’ৰ মাজত স্বৰবৰ্ণ, কবৰ্গ, পবর্গ, য, র, হ আৰু অনুৰ থাকিলেও ‘ন’টো ‘ণ হয়। ন’ টবৰ্গৰ লগত যােগ হলেও ‘ণ হয়। কিন্তু অসমীয়া শব্দত এইবিলাক নিয়ম সদায় মানা নহয়। যেনে-মৰমনি, ৰহন, ইত্যাদি। ৫৫। ষত্ব (Change of dental : cerebral :) . অ, আ ভিন্ন স্বৰ, ‘ক’ আৰু ৰ'ৰ পাছত থকা পদমধ্যস্থিত ‘স য’ হয়। ট, ঠ’ৰ লগত যােগ হলেও ‘স’ 'ষ' হয়। দেশজ বা তদ্ভৱ ($ ২১) অসমীয়া শব্দত এই নিয়ম সদায় ৰক্ষা কৰা নহয়। যেনে-ইসাদ (witness)। (গ) পালি সন্ধি ৫৬। পালি আৰু প্ৰাকৃত সন্ধি দিয়াৰ আৱশ্যকতা নাথাকিলেও অসমীয়া সন্ধিৰ নিয়ম বুজিবলৈ অলপ সহজ হ’ব ভাবি সংক্ষেপে পালি আৰু প্রাকৃত সন্ধিৰ অলপ আভাস দিলো। সবৰ্ণৰ পাছত সবর্ণ থাকিলে (ক) এটা স্বৰৰ সােপ হয়; যেনেনখি=ন+অখি=ন+অতি ১। Kachchayano's Pali Grammar, edited by F. Mason.