পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুমাৰ লুটি অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব লীয়া

েৰা হয়ে না ।

(৩)। পুণ্যম পুং, পুং পুণ, পুণ্য। কুমালে, কুমলে কোঞ, কোৱৰ বানে থানে। ঠাই, থানে। কেতিয়াবা এই নিয়মৰ ব্যতিক্রমাে ঘটে; যেনে, বড়বিংশতি ছীসা ছাব্বিশ। লক্ষ লগগা লাগা, লগা। লুষ্ঠিতা লুটি। মমই মানে। সংতাৰ সতাৰ সাতৰ। সংচাৰমিকা সংচাৰি সঞ্চাৰি। বন্ধ বঞ বই বাজা, বদা! জা, ইত্যাদি। ৩৯। উপৰােৰু ($ ৩৮ ) নিয়ম আৰু উদাহৰণৰপৰা জানিব পাৰি যে সংস্কৃতৰপৰা অসমীয়ালৈ আহোঁতে শব্দবিলাক ক্ৰমাৎ অনুনাসিক বর্ণহীন হৈ আহিছে। সংস্কৃত শব্দৰ অনুনাসিক বর্ণ সাধাৰণতঃ প্রাকৃতত অনুস্বাৰ আৰু অসমীয়াত চন্দ্রবিন্দুত পৰিণত হয়। যেনে-বৈ. বংকু, স. বক্রং, প্রা. বংকং, পুৰণি অ. বঙ্ক, অ, বেঁকা ; বৈ. সঁচা, স. সত্যম্, প্রা. সচ্চং, পু, অসঞ্চা, অ. সঁচা, ইত্যাদি। কিন্তু ওপৰত কোৱামতে অসমীয়া ভাষাত সংস্কৃতৰপৰা অহা শব্দ অনুনাসিক বর্ণবিহীন হলেও দেশজ শব্দৰ বিষয়ে তেনে নহয়। বহু দেশজ অসমীয়া শব্দত আৰু ধ্বন্যাত্মক (Onomatopoeic) শব্দত অনুস্বাৰ বহুল পৰিমাণে দেখা যায় ; যেনে—ফাইডাং (কছাৰী. ফাইডাং to come), দলং ( কছাৰী, দলং, গাৰােলং bridge), টিংৰি (ডফলা—টিংৰি steel ), চাংমাই (আহােম—চাংমাই cook), ধলং পলং, খচং মচ, ইত্যাদি।