পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বীৰৰ উচিত হয়”—ভট্ট। সি যি হওক নহওক বর্তমান অসমীয়া দেশজ কথাত তাে বিসর্গ নাইয়েই তাত বাদে সংস্কৃতৰপৰা অহা বর্তমান অসমীয়া শব্দততা অতি বিৰল। তথাপি শেষােক্ত শব্দ কিছুমানৰপৰা এতিয়াও বিসর্গ আঁতৰা নাই। যেনে, অন্তঃকৰণ, প্রথমতঃ, অন্তঃপুৰ, ইত্যাদি। | আমি বিসৰ্গৰ উচ্চাৰণ প্ৰায় হ'ৰ নিচিনা কৰে; যেনে—অন্তঃকৰণ (উ অন্তহকৰণ)। বহুত ঠাইত ‘স’ৰ ঠাইত বিসর্গ হয়। তেনে ঠাইত হ’ৰ উচ্চাৰণ আৰু পুৰ, বিস্ময় আদি শব্দৰ প্ৰাকৃত উচ্চাৰণ (পুহ কৰ, বিহময়) আদিপৰা অসমীয়া সৰ উচ্চাৰণ সম্বন্ধে আমাৰ উপৰােক্ত সিদ্ধান্ত ( $ ৩৩) প্রমাণিত হয়। | ৩৭। (২) নুদাৰ (Nasal m)-অনুস্বাৰৰ প্রকৃত সংস্কৃত উচ্চাৰণ অসমীয়া ভাষাত নাই। তাৰ পৰিবৰ্তে ‘ঙ’ৰ ওচৰা-ওচৰি উচ্চাৰণ এটি হে প্রচলন আছে। সংস্কৃত অনুৰৰ উচ্চাৰণ অনুনাসিক বর্ণ “ম’ৰ অনুৰূপ। মৰ উচ্চাৰণ কৰোঁতে আমাৰ ওঠ দুটা ক্ষন্তেকৰ নিমিত্তেহে লগ লাগে। কিন্তু অনুস্বাৰৰ উচ্চাৰণত ওঠ দুটা লগ নালাগে, কেৱল মাত বহুপৰলৈ থাকে। উদাহৰণ—সংস্কৃত-বনম, ঘটম্ ; অসমীয়াৰঙচঙ,। অমুম্বাৰ মানে “পাছৰ মাত বা ধ্বনি”। আমি জানাে (৪ ১৫) আমাৰ শ্বাস কেৱল মুখেদি উলিয়ালে শুধু স্বৰ বা ব্যঞ্জন বর্ণ উচ্চাৰিত হয় ; শাস নাকে-মুখে উলিয়ালে অনুনাসিকৰ (চন্দ্রবিন্দুৰ) উচ্চাৰণ হয় আৰু তাক কেৱল নাকেদি উলিয়ালে নাসিক্য বর্ণ অর্থাৎ ঙ, ঞ, ন, ণ, ম আৰু অনুস্বার উচ্চাৰিত হয়। অনুনাসিক উচ্চাৰণ অর্থাৎ 'ৰ উচ্চাৰণ এটা পৃথক ধ্বনি নহয়; ই স্বৰ বা ব্যঞ্জনৰ অংশ মাত্র। কিন্তু নাসিক্য বা অনুনাসিক বৰ্ণৰ সুকীয়া ধ্বনি আছে। অনুনাসিক উচ্চাৰণ আৰু অনুনাসিক বর্ণ একে নহয়। অনুনাসিক উচ্চাৰণ (*) চন্দ্রবিন্দুৰ দ্বাৰা দেখুওৱা হয় আৰু অনুনাসিক বর্ণ দ্বাৰা ঙ, ঞ, ণ, ন, ম আৰু ও বুজুৱা হয়। অনুনাসিক উচ্চাৰণ আন এটা বৰ্ণৰ অংশ আৰু অনুনাসিক বর্ণ এটা পৃথক উচ্চাৰণ থকা বর্ণ; যেনে-ই= অনুনাসিক ( নাকেমুখে উচ্চাৰিত) ইউভয়ে এটা আখৰ; কিন্তু ইং=ই (এটা ধ্বনি)+‘ম’ বা ‘ও- (এটা ধ্বনি)=দুটা আখৰ। অনুৰৰ যে কেৱল এটা সুকীয়া ধ্বনি হে আছে এনে নহয়, ই খাস গােটাইখিনিকে অধিকাৰ কৰে। সেই দেখি ই অকলে উচ্চাৰিত হব নােৱাৰে; আন ধ্বনিৰ পাছত হে ইয়াৰ উচ্চাৰণ