২১ উচ্চাৰণ পদমধ্যস্থিত ব’ক এনেকৈ কোমল কৰা হয় যে কেতিয়াবা সংস্কৃত ব্যঞ্জন ব’কো অধৰ ৰ’ (w) কৰা দেখা যায়। যেনে—স, অবলা (woman), অ, অৱলা; স. পৰিবাৰ (retinue attendants), অ, পৰিাৰ, ইত্যাদি। কদাচিত হে এই নিয়মৰ ব্যতিক্রম হােৱা দেখা যায়। যেনে-স. নৈৱেদ্য, অ, নৈৱেষ্ঠ। য়’ আৰু জৰ কথাও ঠিক ব আৰু বৰ নিচিনা। যেনে- বিদায়, চৈতান (ইচলা, চয়তান), ইত্যাদি। | ইয়াৰপৰা জানিব পাৰি যে অসমীয়া বৰ উচ্চাৰণ সংস্কৃত অর্থ (semi-vowel) ব’ৰ নিচিনা আৰু ইংৰাজী ‘w আখৰৰ অনুৰূপ। হিন্দী ‘ৱৰ উচ্চাৰণ অসমীয়াৰ ওচৰ চাপে। যেনে—হ, কনেৱালা, ইত্যাদি। বঙ্গালী আৰু উড়িয়া আদি ভাষাত এই উচ্চাৰণ নাই। কিন্তু ‘য়’ৰ উচ্চাৰণ হলে হিন্দী, উড়িয়া, বঙ্গলা আৰু অসমীয়া ভাষাত একে অর্থাৎ ‘ই’ৰ (বা ইংৰাজী y-ৰ) নিচিনা। অসমীয়া ‘য়’ আৰু বৰ উচ্চাৰণ একে ঠাইতে এনেকৈ দেখুৱাব পাৰি। যেনে—“জে জে বীৰসৱ আসিছে তাক যাৱত চাঞে, তাৱত দুয়ি সেনাৰ মধ্যত ৰথ ৰাখিবা। কুন্তি-পুত্র অর্জুনে শ্রীকৃষ্ণক এই বাক্য বুলি, হে কৃষ্ণ! এই জ্ঞাতিসৱক যুঝিবে ইচায়ে যুদ্ধত উপস্থিত দেখি মােৰ কৰ চৰণাদি অঙ্গসৱ ভাগি যাই, মুখখা শুখাই.•• গালেৱো আৰাৱ কৰে”- (ভট্টদেৱ )। য, র, ল, । এই কেইটি বর্ণৰ প্রতিটাৰে অনুৰূপ স্বৰবৰ্ণ আছে ; সিহঁত যথাক্রমে ই, , (৯), উ। প্রাতিশাধ্যমতে এই কেইটি বর্ণ স্বৰ আৰু ব্যঞ্জনৰ মধ্যৱৰ্তী বুলি “অন্তঃস্থা” নাম দিয়া হৈছে। বৈদিক যুগত ‘য়’টো ধ্বনিত তালব্য শ্বাস আছিল আৰু তালব্য বর্ণ ‘ই’ ওপজা ঠাইতে ইয়াৰ উৎপত্তি হৈছিল। প্রাতিশাধ্যমতে ‘’টো দন্তৌষ্ঠ বর্ণ আৰু ইংৰাজী v আখৰৰ অনুৰূপ। আন স্বৰৰ আগত বহিলে বৈদিক যুগত ‘য়’টো ‘ই’ আৰু ব’টো ‘উ’ হৈছিল। “য়’টো কেতিয়াবা বিনা কাৰণেও (যেনে—আকাৰান্ত ধাতুৰ পিছত) যােগ হৈছিল। যেনে-বৈ. দায়ী (দা ধাতু)। অসমীয়া দিয়া, দিয়া= দি+ আ শব্দৰ য’ ও এনেকৈ যােগ হৈছে। | ৩৩। উষ্ম বর্ণ (sibilant)—অসমীয়া স’ৰ উচ্চাৰণ হিন্দী বা বঙ্গলা স’ৰ নিচিনা নহয়। অসমীয়া স’ৰ উচ্চাৰণ ‘হ আৰু হিন্দী ‘স’ৰ ১। Macdonell: Vedic Grammar, P. 10 (s il).
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই