২৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব দন্ত্যৰ পৰা আঁতৰা আৰু মূৰ ওচৰ চাপা অর্থ দন্ত্য বৰ্ণৰূপে উচ্চাৰিত হৈছিল। প্রাতিশাধ্যমতে ‘ল’ৰ উচ্চাৰণ দন্ত্য বৰ্ণৰ উচ্চাৰণৰ ঠাইৰপৰা হৈছিল, অর্থাৎ দত্যৰপৰা কিঞ্চিৎ আঁতৰা বৰ্ণ আছিল। অসমীয়া ‘ল’ আৰু বৰ উচ্চাৰণ যে তিশাখ্যৰ উচ্চাৰণৰ অনুৰূপ তাক সহজে বুজিব পৰা যায়। ড’ৰ উচ্চাৰণ কঠিন ‘’ৰ উচ্চাৰণৰ ৰূপান্তৰ মাত্র। যু’ আৰু ৰ স্বৰমিশ্রণে উৎপন্ন ; মৌলিক বৰ্ণ নহয়। ইহঁতক শব্দ শ্রুতিমধুৰ কৰিবৰ নিমিত্তে এনেই। বহুৱা হয়, নাইবা উচ্চাৰণৰ কর্কশতা দূৰ কৰিবৰ নিমিত্তে সন্ধিৰ নিয়মে যােগ কৰা হয়। যেনে—পি, পিয়ে = পি+এ (প্রা.-পীঅই,হিন্দী-পীয়ৈ ), হৱা বা হােৱা = হ+ আ (হি-হুৱা), হতে বা হােৱে=হ+এ ( হি. হােৱে)। এই কাৰণে সিহঁত শব্দৰ আদিতে বহিব নােৱাৰে। সাধাৰণতঃ ‘য়’ শব্দৰ আদিতে বহিলে তাৰ উচ্চাৰণ ‘জ আৰু ব’ শব্দৰ আদিতে বহিলে তাৰ উচ্চাৰণ ‘ব’ৰ নিচিনা হয়। তেতিয়া সিহঁত মৌলিক। ডাক্তৰ হৰ্ণলিয়ে অনুমান কৰে যে প্রাকৃতৰ সময়ত য’ৰ উচ্চাৰণ ইংৰাজীy আৰু jৰ মধ্যৱৰ্তী আৰু ৱৰ উচ্চাৰণ আৰু bৰ মধ্যবর্তী আছিল। সেই দেখি তেওঁ সেই দুই বর্ণক অর্ধ ব্যঞ্জন বুলিছে। পালিত ‘য়’ৰ উচ্চাৰণ কেতিয়াবা ‘জ’ৰ দৰে হয় ; যেনে—গৱময়া =গৱজো (gayal)। মহাৰাষ্ট্র-শৌৰসেনী ভাষাত শব্দৰ আদিতে থকা অর্ধস্বৰ ৰ' আৰু ব্যঞ্জন ব’ৰ কোনাে পৰিবর্তন নহয়। কিন্তু শব্দৰ মাজত থাকিলে উভয়ৰে অর্ধব্যঞ্জন ব’ৰ (অর্থাৎ ইংৰাজী b আৰু - মধ্যৱতী আখৰৰ) নিচিনা উচ্চাৰণ হয়। মাগধী প্রাকৃত শব্দৰ আদিতে হওক বা মধ্যতে হওক বা শেষতে হওক ই সদায় অর্ধ ব্যঞ্জন ব’ৰ নিচিনা উচ্চাৰিত হয়। অসমীয়া ভাষাত ব’ শব্দৰ আদিতে বহিলে কঠিন হৈ সম্পূর্ণ ব্যঞ্জন ৰ হয় আৰু পদমধ্যস্থ অর্ধব্যঞ্জন ‘’ মাগধীত কৰিও বেচি কোমল হৈ সংস্কৃত অর্থ ত (অর্থাৎ ইংৰাজী w-ত) পৰিণত হয় আৰু যাৰ নিচিনা তাৰ উচ্চাৰণ হয় বা ই নিকটবর্তী বৰৰ লগত যুক্ত হয়। যেনে-আওল বা আৱল (স. অৱকালন); বিকট (স. ৱিকট); বন (স, বন); চৈ (স, চৱিক); দেৱানী (ইচলা, ‘দিওয়ানী’ ); ইত্যাদি। ১। Macdonell : Vedic Grammar, 3 i5 (৪) (). ২। Semi-Consonants, so his Comp. Gramm,, ৪ 18. ৩। Kachch: Pali Grammar, al.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই