পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (বঙ্গ + ঈশ্বৰ): মযােন (মঘ + উন)। ‘এ’ আৰু ওক গুণ স্বৰ বােলে। গুণ বুলিলে স্বৰৰ (বিশেষকৈ ‘ই’ আৰু উৰ) আগত এটা ‘অ’ যােগ কৰা বুজায় আৰু এই সংযােগৰ ফলত ‘ই’ৰ ঠাইত ‘এ’ আৰু “উ’ৰ ঠাইত ‘ও' হয়। | আমি পােণতে ঐ আৰু ঔ-ক অ+ই আৰু অ + উ বুলি ভাবাে, কিয়নাে। স্বৰবিকৃতিৰ নিয়মে ‘নদী’ৰপৰা নঈ' আৰু 'মধু’ৰপৰা ‘মউ' হয় দেখি এই দুই শক “নৈ” বা “নই” আৰু “মা” বা “মৌ” কৈ লিখে। কিন্তু বাস্তৱিকে এই দুই আখৰ যথাক্রমে আ+ই আৰু আ +উ। সন্ধিৰ ‘ঐ’ৰ ঠাইত আয় আৰু ৪'ৰ ঠাইত আৱ হােৱা নিয়মৰপৰাই ইয়াৰ সত্যতা উপলব্ধি কৰিব পাৰি। যেনে-- নৈ+ অক=নায়ক; পৌ+অক= পাৱক। সন্ধিৰ আৰু এটি নিয়মে 'অ'ৰ পাছত ‘এ’ (অর্থাৎ অ+ই) আৰু ‘ও' (অর্থাৎ অ+ উ ) থাকিলে উভয়ে মিলি ঐ আৰু ঔ হয়। যেনে-জন+এক = জনৈক, মহা+ ওষবি= মহৌষধি। ঐ আৰু '৪'-ক বৃদ্ধি স্বৰ বােলে। বৃদ্ধি বুলিলে স্বৰৰ (বিশেষকৈ ই আৰু উৰ) আগত এট। ‘আ যােগ কৰা বুজায় ; যেনে— আ+ই (বা ঈ) = ঐ আৰু অ + উ (বা উ)= ৪। | ১৪। ঋ (ri), ঋ (1) ৯ (Iri ). ( Iri)-ৰ উচ্চাৰণ অসমীয়া ভাষাত নাই। প্রাকৃততো নাছিল। সংস্কৃততে। কম। সংস্কৃতৰপৰা আমাৰ ভাষালৈ অহা শব্দবিলাক লেখিব লাগিলে আমি ঋ আৰু ৰ ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ প্রকৃত উচ্চাৰণ কেতিয়াও নকৰে। তেনে শব্দ পঢ়িবৰ বা কবৰ সময়ত ঋ (বা ঋ)-ৰ ঠাইত ‘বি’ ‘ই’ বা ‘ইৰি উচ্চাৰিত কৰে। যেনে—ঋতু (season) ( উচ্চাৰণ-ৰিতু), অদৃষ্ট (luck) (উ-অদ্রিষ্ট), কৃপণ (miser) ( উ—ক্রিপণ বা কিপণ ), কৃষি (cultivation) (উ—ক্রিষি বা কিৰিষি ), কৃপা ( favour) (উ—ক্রিপ, কিপ বা কিৰিপা), তৃণ (grass) (উ-ত্রিণ বা তিৰিণ), ইত্যাদি। তথাপি আমাৰ ভাষাত থকা বহুত সংস্কৃত শব্দৰ মূল ৰক্ষাৰ কাৰণে লেখাত খৰ বৰহাৰ হয়। আৰু সেই দেখি ‘খ’টোও অসমীয়া বর্ণমালাৰ ভিতৰত ধৰা হৈছে (৪৬)। ১৫। অনুনাসিক (Nasalization)—বহু অসমীয়া শব্দৰ স্বৰ উচ্চাৰিত কৰোতে নাকেদি মাত উলিওৱা হয়। এই মাতৰ নাম অনুনাসিক। বৰ্ণৰ ১। নাসিকা-চলােফনসিক”। পাণিনি, ১১১৮